অসম

assam

PM Modi meets Grand Mufti : ইজিপ্তৰ গ্ৰেণ্ড মুফ্টিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Jun 25, 2023, 12:36 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ইজিপ্তত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ইজিপ্তৰ গ্ৰেণ্ড মুফ্টি শৌকি ইব্ৰাহিম আব্দুল কৰিম আল্লামক তেওঁ সাক্ষাৎ কৰে । দুয়োখনৰ দেশৰ মাজৰ সম্পৰ্ক, উগ্ৰবাদৰ মোকাবিলা আদি বিভিন্ন বিষয়ক লৈ আলোচনা কৰে ।

PM Modi meets Grand Mufti
ইজিপ্তৰ গ্ৰেণ্ড মুফ্টিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২৫ জুন : ইজিপ্ত ভ্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ইজিপ্তৰ গ্ৰেণ্ড মুফ্টি শৌকি ইব্ৰাহিম আব্দুল কৰিম আল্লামক সাক্ষাৎ কৰে । দুয়োগৰাকীৰে মাজত বিভিন্ন বিষয়ক লৈ আলোচনা হয় । সামাজিক সম্প্ৰীতি বৃদ্ধি আৰু উগ্ৰবাদ আৰু ইয়াৰ মোকাবিলা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত তেওঁলোকে আলোচনা কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰেণ্ড মুফ্টিক অৱগত কৰে যে ভাৰতে ইজিপ্তৰ সামাজিক ন্যায় মন্ত্ৰালয়ৰ অধীনত ইছলামিক আইনী গৱেষণাৰ বাবে ইজিপ্তৰ পৰামৰ্শদাতা সংস্থা দাৰ-আল-ইফতাত তথ্য প্ৰযুক্তিৰ এক উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গ্ৰেণ্ড মুফ্টিয়ে ভাৰত আৰু ইজিপ্তৰ মাজৰ সম্পৰ্কৰ বিষয়ে জনসাধাৰণৰ মাজত শক্তিশালী সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাৰ বিষয়েও আলোচনা কৰে । সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি আৰু উগ্ৰবাদ আৰু উগ্ৰবাদৰ মোকাবিলাৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ ওপৰতো তেওঁলোকে আলোচনা কৰি বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে অৱগত কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কোৱা মতে ইজিপ্তৰ গ্ৰেণ্ড মুফ্টিয়ে অন্তৰ্ভুক্তি আৰু বহুত্ববাদ কঢ়িয়াই অনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বক প্ৰশংসা কৰে । গ্ৰেণ্ড মুফ্টিয়ে বৈঠকৰ অন্তত কয় যে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি তেওঁ সন্মানিত হৈছে । তেওঁলোকৰ মাজত আকৰ্ষণীয় সভা অনুষ্ঠিত হৈছিল । গ্ৰেণ্ড মুফ্টিৰ মতে ভাৰতৰ দৰে ডাঙৰ দেশৰ বাবে এক জ্ঞানী নেতৃত্বৰ সুন্দৰ প্ৰতিফলন প্ৰধানমন্ত্ৰী মোডী ।

গ্ৰেণ্ড মুফ্টিৰ মতে তেওঁ পূৰ্বে দিল্লীৰ এখন চুফী সন্মিলনত মোডীক লগ পাইছিল । ভাৰতত এক বৃহৎ উন্নয়ন হৈছে বুলি তেওঁ উল্লেখ কৰি কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতত নিৰন্তৰভাৱে কাম কৰি আছে ।

ধৰ্মীয় ক্ষেত্ৰত ইজিপ্ত আৰু ভাৰতৰ মাজত শক্তিশালী সহযোগিতা আছে আৰু ইজিপ্তে এই সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে অপেক্ষা কৰি আছে বুলিও গ্ৰেণ্ড মুফ্টিয়ে উল্লেখ কৰে । ইফালে গ্ৰেণ্ড মুফ্টিয়ে যোৱা মাহত ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ আমন্ত্ৰণত ভাৰত ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক :PM Modi Egypt visit: ইজিপ্তত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি; ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ

ABOUT THE AUTHOR

...view details