নেশ্যনেল ডেস্ক, ২ আগষ্ট: অসম-মিজোৰাম(Assam-Mizoram) সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে সোমবাৰে অসমৰ সাংসদসকলৰ সৈতে এক বৈঠকত মিলিত হয় । এক বিশেষ সূত্ৰই জনোৱা মতে, সোমবাৰে অসমৰ সাংসদৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কামভাম্পতী( Hari Babu Kambhampati)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল । দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ কেনেদৰে ওৰ পেলাব পাৰি আৰু সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । আনহাতে, হৰি বাবু কামভাম্পতীয়ে সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah)কো সাক্ষাৎ কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।
উল্লেখ্য যে, কাছাৰ জিলাৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত যোৱা ২৬ জুলাইত মিজো আৰক্ষীয়ে অসম আৰক্ষীলৈ লক্ষ্য কৰি আতৰ্কিতে গুলীচালনা কৰিছিল । এই ঘটনাত ৬ জন আৰক্ষী জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱায় । আনহাতে, প্ৰায় ৫০ জন লোক এই ঘটনাত আহত হৈছিল । মিজো আৰক্ষীৰ এই বৰ্বৰ কাণ্ডৰ পিছৰে পৰা দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ বৃদ্ধি পাইছে ।
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Chief Minister Dr. Himanta Biswa Sarma)ই সোমবাৰে জনায় যে, ২৬ জুলাইত মিজো আৰক্ষীৰ আক্ৰমণত ৬ জন আৰক্ষী জোৱানৰ মৃত্যু হোৱাৰ পিছত ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ ৰাজ্যৰ আৰক্ষীক নিৰ্দেশ দিছে । অৱশ্যে, তেওঁ লগতে কয় যে, আন আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত থাকিব । ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি কৰাত ইচ্ছা প্ৰকাশ কৰিছে ।