অসম

assam

ETV Bharat / bharat

Covid 19 Crisis : ক'ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে আজি প্ৰধানমন্ত্ৰীৰ বৈঠক - COVID crisis

দেশত ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আজি বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM to meet all state CM's) । মহাৰাষ্ট্ৰ, পশ্চিমবংগ, দিল্লী, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ, কেৰালা আৰু গুজৰাটত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে । দেশত ক'ভিডৰ দৈনিক আক্ৰান্তৰ হাৰ ১১.০৫ শতাংশ ।

COVID crisis
প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ বৈঠক

By

Published : Jan 13, 2022, 10:39 AM IST

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী :দেশত ক'ভিডৰ নতুন প্ৰবাহ অ'মিক্ৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Omicron cases in India)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত বুধবাৰে ১,৯৪,৭২০ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৪৪২ গৰাকী ক'ভিড ৰোগীৰ । দেশত ক'ভিডৰ দৈনিক আক্ৰান্তৰ হাৰ ১১.০৫ শতাংশ ।

ক'ভিডৰ দ্ৰুত সংক্ৰমণক লৈ শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বিশেষ বৈঠকৰ আহ্বান জনাইছে (PM to meet all state CM's) । বৃহস্পতিবাৰে আবেলি ৪.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ইয়াৰ পূৰ্বে বুধবাৰে নীতি আয়োগৰ সদস্য ড৹ ভি কে পলেও অ'মিক্ৰণ সম্পৰ্কে ৰাইজক সতৰ্ক কৰি দিছে । তেওঁৰ মতে অ'মিক্ৰণৰ দ্বাৰা হোৱা সংক্ৰমণক সাধাৰণ চৰ্দি বুলি গণ্য কৰিব নালাগে আৰু ইয়াক সহজভাৱে লোৱাটো উচিত নহয় ।

সমগ্ৰ ভাৰততে ক'ভিডৰ ঘটনা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে, ভাৰতত ক'ভিডৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে । বিশেষকৈ মহাৰাষ্ট্ৰ, পশ্চিমবংগ, দিল্লী, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ, কেৰালা আৰু গুজৰাটত ই ভয়ংকৰ ৰূপ লৈছে ।

তেওঁ লগতে উল্লেখ কৰে যে, মহাৰাষ্ট্ৰত আক্ৰান্তৰ হাৰ ২২.৩৯ শতাংশ । সমান্তৰালকৈ পশ্চিমবংগত ৩২.১৮ শতাংশ, দিল্লীত ২৩.১ শতাংশ আৰু উত্তৰ প্ৰদেশত ৪.৪৭ শতাংশ ।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে যোৱা ৯ জানুৱাৰীত এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ ক'ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত সভাপতিত্ব কৰিছিল । সেই পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে জিলা পৰ্যায়ত পৰ্যাপ্ত স্বাস্থ্য আন্তঃগাঁথনি নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । তেওঁ বিষয়াসকলক ৰাজ্যসমূহৰ সৈতে এই সন্দৰ্ভত সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক :Covid updates in India : 24 ঘণ্টাত ভাৰতত 1,94,720 গৰাকী নতুনকৈ কৰ’ণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details