অসম

assam

ETV Bharat / bharat

শেহতীয়া ক'ভিড-19 পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলেৰে বৈঠক প্ৰধানমন্ত্ৰীৰ

মোদীৰে হোৱা ভাৰ্চুৱেল বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজধানী দিল্লীত কৰ‘ণাৰে যুঁজ দিয়াৰ বাবে সহায়ক হোৱাকৈ অতিৰিক্ত এক হাজাৰখন আই.চি.ইউ. বিচনা প্ৰদানৰ দাবী জনায় ৷

PM Modi likely to hold virtual meet with states over COVID situation, vaccine distribution plan
শেহতীয়া ক'ভিড-19 পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলেৰে বৈঠক প্ৰধানমন্ত্ৰীৰ

By

Published : Nov 24, 2020, 6:39 PM IST

নিউজ ডেস্ক, 24 নৱেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ অধিক কৰ‘ণা ভাইৰাছত আক্ৰান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি সকলৰ লগত ভাৰ্চুৱেল বৈঠকত মিলিত হয় ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকত কৰ‘ণাৰ প্ৰতিষেধক সন্দৰ্ভত দেশৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী তথা প্ৰতিনিধি সকলক কয় যে, বিশ্বৰ সকলো প্ৰতিষেধকৰ উপৰত চৰকাৰে দৃষ্টি ৰাখিছে ৷ তথাপিও বৰ্তমানলৈকে আমি সতৰ্কতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত ৷

তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী সকলৰ ওচৰত এই পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত কোনো পৰামৰ্শ থাকিলে লিখিত ভাৱে প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ লগতে মোদীয়ে ৰাজ্যসমূহৰ শেহতীয়া ক‘ভিড-19 ৰ পৰিস্থিতিৰো বুজ লয় ৷

এই বৈঠকতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজধানী দিল্লীত কৰ‘ণাৰে যুঁজ দিয়াৰ বাবে সহায়ক হোৱাকৈ অতিৰিক্ত এক হাজাৰখন আই.চি.ইউ. বিচনা প্ৰদানৰ দাবী জনায় ৷

লগতে পঢ়ক: চীনক কোনো কাৰণতে বিশ্বাসত ল'ব নোৱাৰি : জ্যেষ্ঠ সাংবাদিক প্ৰেম প্ৰকাশ

ABOUT THE AUTHOR

...view details