নিউজ ডেস্ক, 9 অক্টোবৰ : ভাৰতীয় জনতা পাৰ্টীয়ে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত (2019 Lok Sabha election) পৰাজিত হোৱা ১৪৪ খন লোকসভা আসনত ৪০ টা সমদল অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিটো ক্লাষ্টাৰত এটাকৈ সমদল অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে (PM Modi likely to hold 40 rallies) ৷
দলীয় সূত্ৰ অনুসৰি, লোকসভা প্ৰৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ (Lok Sabha Pravas Yojana Phase-2) অধীনত বিজেপিয়ে পৰিকল্পনা কৰিছে যে, সমগ্ৰ দেশতে ১৪৪ খন দুৰ্বল বা হেৰুওৱা লোকসভা আসনৰ ভিতৰত ৪০ টা স্থানত প্ৰধানমন্ত্ৰী মোদীয়ে ৪০ টা বৃহৎ সমদল অনুষ্ঠিত কৰিব । প্ৰধানমন্ত্ৰীৰ এই ৪০ খন ৰাজহুৱা সভা ৪০ খন ক্লাষ্টাৰতে আয়োজন কৰা হ’ব ।
সূত্ৰ অনুসৰি, বাকী ১০৪ টা সমষ্টিত বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসকলে ভ্ৰমণ কৰি দলৰ হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰিব (BJP rallies across India)।
সূত্ৰটোৱে জনোৱা অনুসৰি, দলটোৰ কৌশল হ’ল তেওঁলোক থকা সময়ছোৱাত দায়িত্বত থকা ক্লাষ্টাৰে প্ৰভাৱশালী স্থানীয় ব্যক্তিসকলৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিব লাগিব ৷ লগতে বিজেপিৰ স্থানীয় অসন্তুষ্ট নেতাসকলৰ অভিযোগ শুনি সমাধান দিব লাগিব ৷ প্ৰবাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ৪০ গৰাকী মন্ত্ৰীয়েই ৫ দফা কাম কৰিব লাগিব ।