নেচনেল ডেস্ক,25 ফেব্ৰুৱাৰী:বৃহস্পতিবাৰে পণ্ডিচেৰীত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেবাটাও সম্পূৰ্ণ হোৱা প্ৰকল্প উদ্বোধন কৰাৰ লগতে অন্য বহুকেইটা আঁচনিৰ অধীনত হ'বলগীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিমানবন্দৰ আৰু ঘাইপথৰ বহুকেইটা প্ৰকল্প উদ্বোধন কৰে ৷
জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ প'ষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্বন এণ্ড ৰিচাৰ্চত এটা ৰক্তগ্ৰহণ কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে স্পৰ্টছ অথ'ৰিটি অৱ ইণ্ডিয়া গাৰ্লছ হোষ্টেল আৰু পুনৰ নিৰ্মাণ কৰা হেৰিটেজ মেৰি বিল্ডিং উদ্বোধন কৰে ৷
সত্তানাথপুৰম-নাগপট্টীনাম ৰাষ্ট্ৰীয় ঘাইপথ শাখা উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে জিআইপিএমইআৰ-ফেজ 1 ৰ কাৰৈকাল নতুন কেম্পাচত মেডিকেল কলেজ বিল্ডিং আৰু সাগৰমালা আঁচনিৰ অধীনত এটা সৰু বন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলত চিন্থেটিক এথলেটিক ট্ৰেক, ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সৰ আধাৰশিলাও মন্ত্ৰী গৰাকীয়ে স্থাপন কৰে ৷
উল্লেখ্য যে, বিগত তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ মোডীৰ এইয়া দ্বিতীয় ভ্ৰমণ আছিল ৷ 2016 চনৰ পৰা কংগ্ৰেছ মন্ত্ৰালয়ক নেতৃত্ব দিয়া ভি নাৰায়ণাস্বামীয়ে 22 ফেব্ৰুৱাৰীত সম্পূৰ্ণ কেবিনেটৰ সৈতে পদত্যাগ কৰাৰ প্ৰতি লক্ষ্য ৰাখি পণ্ডিচেৰীৰ এই সম্পূৰ্ণ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত মোডীৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷
লগতে পঢ়ক:25 ফেব্ৰুৱাৰীত পণ্ডিচেৰীত বিজেপিৰ সভা সম্বোধন কৰিব মোডীয়ে