নেশ্যনেল ডেস্ক, ১০ আগষ্ট :শুভাৰম্ভ কৰা হ'ল প্ৰধান মন্ত্ৰী উজ্জ্বলা আঁচনিৰ (Pradhan Mantri Ujjwala Yojana) দ্বিতীয় সংস্কৰণ । মঙলবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ পৰা উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে ৷ ভিডিঅ' কনফাৰেন্সৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।
ইয়াৰ পাছতে মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইট কৰি কয় যে, এই আঁচনিৰ জৰিয়তে দেশৰ আঠ কোটি মহিলা ধোঁৱামুক্ত স্বাস্থ্যসন্মত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে । আনহাতে, দ্বিতীয় সংস্কৰণৰ জৰিয়তে অতিৰিক্ত ১ কোটি দৰিদ্ৰ লোকক সমাৰি লোৱা হ'ব । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি যোগী আদিত্যনাথে কয় যে উত্তৰ প্ৰদেশত উজ্জ্বলা আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত কমেও ১.৫ কোটি পৰিয়াল উপকৃত হৈছিল ।
ক'ভিডৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে সকলো হিতাধিকাৰীক ছয় মাহৰ বাবে বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰে । ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ মতে ২০১৬ চনত উজ্জ্বলা ১.০ আৰম্ভ কৰাৰ সময়ত, দৰিদ্ৰতা সীমা ৰেখাৰ তলৰ (বিপিএল) পৰিয়ালৰ পাঁচ কোটি মহিলা সদস্যক এলপিজি সংযোগ দিয়াৰ লক্ষ্য আগত ৰখা হৈছিল ।