অসম

assam

ETV Bharat / bharat

‘জল জীৱন মিচন মোবাইল এপ’ আৰু ‘ৰাষ্ট্ৰীয় জল জীৱন কোষ’ মুকলি প্ৰধানমন্ত্ৰীৰ - ৰাষ্ট্ৰীয় জল জীৱন কোষ

গান্ধী জয়ন্তীৰ দিনটোতে ‘জল জীৱন মিচন মোবাইল এপ’ আৰু ‘ৰাষ্ট্ৰীয় জল জীৱন কোষ’ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Interacting with Gram Panchayats and Pani Samitis across India.
‘জল জীৱন মিচন মোবাইল এপ’ আৰু ‘ৰাষ্ট্ৰীয় জল জীৱন কোষ’ মুকলি প্ৰধানমন্ত্ৰীৰ

By

Published : Oct 2, 2021, 4:29 PM IST

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ : গান্ধী জয়ন্তীৰ দিনটোতে ‘জল জীৱন মিচন মোবাইল এপ’ আৰু ‘ৰাষ্ট্ৰীয় জল জীৱন কোষ’ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ সৈতে ভাৰ্চুৱেৰী বৈঠকত মিলিত হয় ৷ তেওঁ কয় যে, জল জীৱন মিচনৰ লক্ষ্য কেৱল ৰাইজৰ মাজত পানী উপলব্ধ কৰোৱাই নহয় ৷ ই বিকেন্দ্ৰীকৰণ (Decentralisation)ৰ এক ডাঙৰ আন্দোলন ৷

তেওঁ লগতে জল জীৱন মিচনত গাঁও চালিত-মহিলা চালিত আন্দোলন বুলি অভিহিত কৰে ৷ বাপুৰ সপোনক সাৰ্থক কৰিবলৈ দেশবাসীয়ে নিৰন্তৰ পৰিশ্ৰম কৰি আহিছে ৷ আজি দেশৰ চহৰ-গাঁওসমূহ বাহিৰত শৌচ কৰাৰ পৰা মুক্ত ৷ প্ৰায় 2 লাখ গাঁৱে আৱৰ্জনা ব্যৱস্থাপনাৰ কাম আৰম্ভ কৰিছে ৷

ভাৰ্চুৱেল বৈঠকৰ মাজতে প্ৰধানমন্ত্ৰীয়ে কয়, গ্ৰাম স্বৰাজৰ প্ৰকৃত অৰ্থই হ’ল আত্মবলৰ দ্বাৰা পৰিপূৰ্ণ হোৱা ৷ সেয়েহে মোৰ নিৰন্তৰ প্ৰয়াস যে গ্ৰাম স্বৰাজৰ এই চিন্তা সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়ক ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যেতিয়া 2014 চনত মই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলো তেতিয়া মই গুজৰাটৰ গ্ৰাম স্বৰাজৰ অনুভৱক ৰাষ্ট্ৰীয় স্তৰত বিস্তাৰিত কৰাৰ সুবিধা লাভ কৰিছিলো ৷ গ্ৰাম স্বৰাজৰ প্ৰকৃত লাভ তেতিয়াহে পাম যেতিয়া গাঁৱৰ বিকাশৰ সৈতে জড়িত পৰিকল্পনা আৰু পৰিচালনতা সকলোৰে সক্ৰিয় অংশীদাৰিত্ব থাকিব ৷

তথ্য অনুসৰি, ৰাষ্ট্ৰীয় জল জীৱন পুঁজিৰ অধীনত, পানী যোগান নিশ্চিত কৰা হ'ব আৰু গ্ৰাম্য অঞ্চলৰ ঘৰ, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত টেপ স্থাপন কৰা হ'ব। যিকোনো লোকে এই পুঁজিলৈ দান, প্ৰতিষ্ঠান, কোম্পানী আৰু এনজিঅ' কৰিব পাৰে ।

লগতে পঢ়ক :লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী

ABOUT THE AUTHOR

...view details