নেশ্যনেল ডেস্ক,১ অক্টোবৰ:নিৰ্বাচনমুখী তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে শিক্ষা, পথ, ৰে'ল, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডত ১৩,৫০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।
মহাবুবনগৰত এক বিশাল সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল বিজেপিয়েই তেলেংগানাবাসীৰ সেৱাত সমৰ্পিত । প্ৰধানমন্ত্ৰীৰ মতে তেলেংগানাই পৰিৱৰ্তন বিচাৰে । তেলেংগানা চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে তেলেংগানাৰ ৰাইজে দুৰ্নীতিগ্ৰস্ত চৰকাৰ নিবিচাৰে, তাৰ পৰিৱৰ্তে এক স্বচ্ছ আৰু সৎ চৰকাৰ বিচাৰে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৃষ্ণা ষ্টেচনৰ পৰা হায়দৰাবাদলৈ ৰে'ল সেৱাৰ শুভাৰম্ভ কৰে । এই ৰে'ল সেৱাই তেলেংগানাৰ হায়দৰাবাদ, ৰঙাৰেড্ডী, মহাবুবনগৰ, নাৰায়ণপেট জিলাৰ সৈতে কৰ্ণাটকৰ ৰাইচুৰ জিলাক সংযোগ কৰিব । এই পদক্ষেপে মহাবুবনগৰ আৰু নাৰায়ণপেটৰ পিছপৰা জিলাসমূহৰ কেইবাটাও নতুন অঞ্চললৈও প্ৰথমবাৰৰ বাবে ৰে'ল সংযোগ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীয়ে নাগপুৰৰ পৰা বিজয়ৱাড়া অৰ্থনৈতিক কৰিডৰৰ অংশ গুৰুত্বপূৰ্ণ পথ প্ৰকল্পসমূহৰ আধাৰশিলাও স্থাপন কৰে ।