অসম

assam

ETV Bharat / bharat

ক’ভিড যোদ্ধাৰ বাবে ‘Crash Course’ মুকলি প্ৰধামন্ত্ৰী মোডীৰ - প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা

কৌশল ভাৰত যোজনা (Skill India Scheme)ৰ অধীনত শুকুৰবাৰে ক’ভিড ফ্ৰণ্টলাইন কৰ্মী (Covid Frontline Worker)সকলৰ বাবে 6 টাকৈ ‘Customized Crash Course’ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে ৷ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই পাঠ্যক্ৰম মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

PM Modi launches crash course programme
ক’ভিড যোদ্ধাৰ বাবে পাঠ্যক্ৰম মুকলি প্ৰধানমন্ত্ৰীৰ

By

Published : Jun 18, 2021, 9:46 PM IST

নেশ্যনেল ডেস্ক,18 জুন : ক’ভিড ফ্ৰণ্টলাইন কৰ্মী (Covid Frontline Worker)সকলৰ বাবে শুকুৰবাৰে 6 টাকৈ ‘Customized Crash Course’ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে ৷ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৌশল বিকাশ যোজনা (Skill India Scheme)ৰ অধীনত থকা এই পাঠ্যক্ৰম মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (PMO)য়ে সদৰি কৰা অনুসৰি, দেশৰ 26 খন ৰাজ্যত মুঠ 111 টা প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে ৷

উক্ত মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ভাগ লয় কৌশল বিকাশ আৰু উদ্যোগ (Skill Development and Entrepreneurship) বিভাগৰ কেন্ত্ৰীয় মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ এই কাৰ্যসূচীৰ লক্ষ্য হৈছে- সমগ্ৰ দেশৰ এক লাখ ক’ভিড যোদ্ধা (Covid Warriors)ৰ দক্ষতা বৃদ্ধি কৰা । উক্ত প্ৰশিক্ষণটো 6 টা অনুকূলিত চাকৰিৰ ভূমিকাত প্ৰদান কৰা হ’ব ৷ সেইকেইটা হৈছে- ‘Home Care Support’, ‘Basic Care Support’, ‘Advanced Care Support’, ‘Emergency Care Support’, ‘Sample Collection Support’ আৰু ‘Medical Equipment Support’ ৷

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (Pradhan Mantri Kaushal Vikas Yojana)3.0ৰ কেন্দ্ৰীয় উপাদান(Central Component)ৰ অধীনত এক বিশেষ কাৰ্যসূচী হিচাপে এই কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ মুঠ বিত্তীয় ব্যয় হৈছে মুঠ 276 কোটি টকা । এই কাৰ্যসূচীয়ে স্বাস্থ্যখণ্ডত জনশক্তিৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে দক্ষ অ-চিকিৎসা স্বাস্থ্য সেৱা-কৰ্মী গঢ়ি তুলিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, পূৰ্বৰ তুলনাত ভাৰতত বৰ্তমান ক’ভিড সংক্ৰমণৰ মাত্ৰা হ্ৰাস পাইছে ৷ বিগত বৰ্ষৰ পৰা ক’ভিডৰ বিৰুদ্ধে চলি থকা এই যুঁজখনত ক’ভিড ফ্ৰণ্টলাইন কৰ্মীসকলৰ অৱদান উল্লেখনীয় ৷ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এই কৰ্মীসকলে মানুহৰ সেৱা আগবঢ়াই আহিছে ৷

লগতে পঢ়ক :ইন্ধনৰ মূল্যবৃদ্ধি: মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details