নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ :স্বাস্থ্যখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে সোমবাৰে আয়ুষ্মান ভাৰত ডিজিটেল মিছন( Ayushman Bharat Digital Mission)ৰ আৰম্ভ কৰে ৷ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া(Union Health Minister Mansukh Mandaviya) উপস্থিত থাকে ৷
এই অভিযানৰ জৰিয়তে দেশৰ স্বাস্থ্যখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে, যাৰ জৰিয়তে দেশৰ নাগৰিকসকলে মাথো এটা টিপতে স্বাস্থ্যখণ্ডই আগবঢ়োৱা সুবিধাসমূহ প্ৰাপ্ত কৰিব পাৰিব ৷ এই অভিযানে নাগৰিকসকলৰ সন্মতি সাপেক্ষে তেওঁলোকৰ স্বাস্থ্য ৰেকৰ্ডৰ আদান-প্ৰদান সক্ষম কৰি তুলিব ৷ এই অভিযানে আগবঢ়াবলগীয়া মুখ্য সুবিধাসমূহৰ ভিতৰত এক অন্যতম সুবিধা হ'ল দেশৰ প্ৰতিজন নাগৰিকৰ বাবে একোখনকৈ স্বাস্থ্য পৰিচয় পত্ৰ(health ID)ৰ ব্যৱস্থা ৷
এই স্বাস্থ্য পৰিচয় পত্ৰখনে নাগৰিকসকলৰ স্বাস্থ্য একাউণ্ট হিচাপেও কাম কৰিব ৷ ম'বাইল এপ্লিকেশ্যনৰ জৰিয়তে সংযোগ কৰি নাগৰিকসকলে তেওঁলোকৰ ব্যক্তিগত স্বাস্থ্য ৰেকৰ্ড চাব পাৰিব ৷