নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী :ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপক উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi praises Digital India Initiative)। দেওবাৰে ৯৮ সংখ্যক মন কি বাত সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীৰ সন্মুখত ডিজিটেল ইণ্ডিয়াৰ বিভিন্ন পদক্ষেপ সম্পৰ্কে উল্লেখ কৰে (98th edition of PM Modi Mann Ki Baat)। ই-সঞ্জীৱনী এপৰ উপযোগিতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চিকিৎসকসকলৰ সৈতে টেলিফোনিক পৰামৰ্শৰ ক্ষেত্ৰত ই এক মুখ্য সঁজুলি হৈ পৰিছে ।
প্ৰধানমন্ত্ৰীয়ে লগতে এই এপটোৰ সৰ্বাধিক ব্যৱহাৰ কৰাৰ বাবে চিকিৎসকসকলক প্ৰশংসা কৰে ৷ তেওঁ উল্লেখ কৰা মতে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপে প্ৰভাৱ পেলোৱা দেখা গৈছে । ই-সঞ্জীৱনী এপটোৱে দেশৰ চিকিৎসকসকলৰ সৈতে টেলিফোনিক পৰামৰ্শ লাভ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে (PM Modi on E Sanjeevani app)।
প্ৰধানমন্ত্ৰীয়ে ভাষণত ডিজিটেল পৰিশোধৰ বিভিন্ন পদ্ধতিৰ ওপৰতো বক্তব্য ৰাখে (PM Modi on digital payment)। তেওঁ কয় যে, কেইবাখনো দেশ ইউপিআইৰ প্ৰতি আগ্ৰহী । তেওঁ উল্লেখ কৰা মতে ভাৰত আৰু ছিংগাপুৰে এতিয়া ইউপিআই-পে লিংক (UPI Pay link) মুকলি কৰিছে যিটো দুয়োখন দেশৰ মানুহে পুঁজি স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব । প্ৰধানমন্ত্ৰীয়ে লগতে আশা প্ৰকাশ কৰি কয় যে এনে ধৰণৰ কৌশলে জীৱন ধাৰণ অধিক সহজ কৰি তুলিছে ।