নতুন দিল্লী, 8 নৱেম্বৰ : দেওবাৰে 93 বছৰত ভৰি দিলে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি জ্যেষ্ঠ নেতাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনায় ৷ তেওঁ এল কে আদৱানীক বিজেপি কর্মী তথা দেশৰ জনগণৰ বাবে জীৱন্ত অনুপ্ৰেৰণা বুলি উল্লেখ কৰে ৷
প্ৰধানমন্ত্ৰীয়ে টুইটটোত লগতে কয় যে, অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত আদৱানীয়ে উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু দলটোক জনতাৰ মাজলৈ লৈ গৈছিল ৷ প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ নেতা এল কে আদৱানীৰ দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰি লক্ষাধিক বিজেপি কর্মী তথা দেশবাসীৰ বাবে "জীৱন্ত অনুপ্ৰেৰণা" বুলি টুইটটোত উল্লেখ কৰে ।