নেশ্যনেল ডেস্ক,২ অক্টোবৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে দেশজুৰি স্বচ্ছ অভিযানৰ আয়োজন কৰা হয় । য'ত বিভিন্ন ক্ষেত্ৰৰ লাখ লাখ লোকে অংশগ্ৰহণ কৰে । ইজৰাইলী কূটনীতিবিদ কোবি শোশানীয়েও 'স্বচ্ছতা হি সেৱা' শীৰ্ষক এক অভিযানৰ অংশ হিচাপে মুম্বাইত সাগৰৰ তীৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । পৰিৱেশৰ গুৰুত্বৰ ওপৰত জোৰ দি কূটনীতিবিদগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানক প্ৰশংসা কৰে । লগতে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোকসকল ওলাই অহা বিষয়টোকো তেওঁ প্ৰশংসা কৰে ।
মুম্বাইত স্বচ্ছ অভিযানত অংশ লৈ ইজৰাইলৰ কূটনীতিবিদ কোবি শোশানীয়ে কয় যে তেওঁ এখন অতি সৰু দেশৰ পৰা আহিছে, যাৰ নাম হৈছে ইজৰাইল । দেশখন স্থলপথেৰে সংযুক্ত নহয় ইয়াৰ চাৰিওফালে সাগৰ আছে । পৰিৱেশ কেৱল ভাৰতৰে সমস্যা নহয় । ই এক গোলকীয় সমস্যা । তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কয় যে তেওঁ এই ক্ষেত্ৰত বহুত ভাল কাম কৰিছে । তেওঁ যি কয় বা কৰে মানুহে তেওঁক অনুসৰণ কৰে বুলিও কূটনীতিবিদগৰাকীয়ে উল্লেখ কৰে ।
তেওঁ কয় যে পৰিৱেশৰ বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিশ্চিতভাৱে বিশ্বৰ নেতা । এই সপ্তাহত সমুদ্ৰ তীৰত স্বচ্ছ অভিযান চলোৱা তেওঁৰ চতুৰ্থ বা পঞ্চম দিন হ'ব পাৰে, যিটো অতি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কূটনীতিবিদগৰাকীয়ে উল্লেখ কৰে ।