অসম

assam

ETV Bharat / bharat

28 মাৰ্চৰ 'মন কি বাত' ৰ বাবে পৰামৰ্শৰ আহ্বান মোডীৰ - march 28 mann ki baat

28 মাৰ্চত অনুষ্ঠিত হ'ব লগীয়া 'মন কি বাত' অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ পৰা পৰামৰ্শৰ আহ্বান জনাইছে ৷ টুইটযোগে এই আহ্বান জনাইছে মোডীয়ে ৷ জীৱনৰ অনুপ্ৰেৰণামূলক কাহিনী সমূহ শ্বেয়াৰ কৰাৰ বাবেও আহ্বান জনাইছে মোডীয়ে ৷

Prime Minister Narendra Modi on Mann ki baat
28 মাৰ্চৰ 'মন কি বাত' ৰ বাবে পৰামৰ্শৰ আহ্বান মোডীৰ

By

Published : Mar 14, 2021, 11:08 AM IST

নেচনেল ডেস্ক, 14 মাৰ্চ:চলিত বছৰৰ 'মন কি বাত' অনুষ্ঠানৰ তৃতীয়টো খণ্ডৰ বাবে জনসাধাৰণৰ পৰা তেঁওলোকৰ মতামত আৰু পৰামৰ্শৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ অহা 28 মাৰ্চত 'মন কি বাত' ৰ তৃতীয়টো অনুষ্ঠান সম্প্ৰচাৰ হ'ব ৷ 28 মাৰ্চৰ খণ্ডটোৰ বাবে দেওবাৰে মোডীয়ে ৰাইজক পৰামৰ্শ বিছাৰে লগতে তেঁওলোকৰ জীৱনৰ অনুপ্ৰেৰণামূলক কাহিনী সমূহ শ্বেয়াৰ কৰাৰ বাবে আহ্বান জনায় ৷

টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে 28 মাৰ্চত সম্প্ৰচাৰ হ'ব লগীয়া 'মন কি বাত' অনুষ্ঠানৰ বিষয়ে অৱগত কৰে ৷ MyGov অথবা NaMo এপত ৰাইজক মতামত প'ষ্ট কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ৰাইজক নিজৰ বাৰ্তা সমূহ ৰেকৰ্ড কৰাৰ বাবে মোডীয়ে জনসাধাৰণক আহ্বান জনায় ৷ টুইটযোগে তেঁও এইবুলি কয়, "28th March...this year's third #MannKiBaat and yet another opportunity to highlight interesting topics, and inspiring life journeys from across India. Post your views on MyGov or the NaMo App, or record your message."

উল্লেখ্য যে, 'মন কি বাত' হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান আৰু প্ৰতিমাহৰে শেষৰটো দেওবাৰত এই অনুষ্ঠানৰ সম্প্ৰচাৰ হয় ৷

লগতে পঢ়ক:নিয়মীয়া যোগাযোগ ৰক্ষাত সন্মতি মোডী-ৰাজাপাক্সাৰ

ABOUT THE AUTHOR

...view details