নেশ্যনেল ডেস্ক, ৩১ জুলাই :দেশৰ অন্যতম প্ৰধান আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ (Sardar Vallabhbhai Patel National Police Academy) প্ৰশিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) । ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আইপিএছ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁলোকৰ কেৰিয়াৰৰ আগন্তুক ২৫ বছৰ ভাৰতৰ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব । লগতে 'নেশ্যন ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট'ৰ মনোভাৱ তেওঁলোকৰ কাৰ্যকলাপত প্ৰতিফলিত হ'ব লাগিব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
আইপিএছ প্ৰশিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁলোকে এনে এক সময়ত কেৰিয়াৰ আৰম্ভ কৰিছে যি সময়ত ভাৰতে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো স্তৰত পৰিৱৰ্তনৰ পৰ্যায়ৰ মাজেৰে গৈ আছে । সেয়ে তেওঁলোকৰ কেৰিয়াৰৰ আগন্তুক ২৫ বছৰ ভাৰতৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব । যাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি, মনোভাৱ এক ডাঙৰ লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱা উচিত বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।
যোৱা ৭৫ বছৰে ভাৰতে এক উন্নত আৰক্ষী সেৱা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে আৰু শেহতীয়া বছৰবোৰত আৰক্ষীৰ প্ৰশিক্ষণ সম্পৰ্কীয় আন্তঃগাঁথনিও যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । ১৯৩০ চনৰ পৰা ১৯৪৭ চনৰ ভিতৰত দেশত যি জোৱাৰ উঠিছিল, যিদৰে দেশৰ যুৱপ্ৰজন্ম আগবাঢ়ি আহিছিল, সমগ্ৰ যুৱ প্ৰজন্ম এটা লক্ষ্যৰ বাবে একত্ৰিত হৈছিল । সেয়ে প্ৰশিক্ষাৰ্থী সকলৰ মাজতো একেই অনুভূতি আশা কৰিছে প্ৰধানমন্ত্ৰীয়ে ।