নিউজ ডেস্ক, 28 মে’:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নতুন সংসদ ভৱনত ‘ছেংগোল’ স্থাপন কৰে । এই অনুষ্ঠানত প্ৰায় 60 জন ধৰ্মীয় মুৰব্বীও উপস্থিত থাকে, যিসকলকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে । নতুন ভৱনৰ বাহিৰত সংসদ চৌহদত পুৱা প্ৰায় ৭ বজাত এখন যজ্ঞ অনুষ্ঠিত হয় ৷ য’ত শৈৱীৰ মহাপুৰোহিতসকলে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে ৰাজদণ্ড ‘ছেংগোল’ গতাই দিয়ে । সংসদ ভৱনত দুখন চুটি ছবি প্ৰদৰ্শিত হ’ব, তাৰ পিচতে প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰদান কৰিব (PM Modi installs Sengol in new Parliament building) ।
ছেংগোল স্থাপন কৰা হৈছে নতুন সংসদ ভৱনটোৰ অধ্যক্ষৰ আসনৰ সমীপত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেংগোল হাতত তুলি লোৱাৰ পূৰ্বে দণ্ডৱতে পৰি সেৱা কৰে ৷ ইয়াৰ পূৰ্বে যজ্ঞত অংশ লয় প্ৰধানমন্ত্ৰীয়ে ৷ ছেংগোল হাতত লৈ সংসদ ভৱনলৈ পদব্ৰজে যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে পুৰোহিতসকলৰ লগতে বিধানসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত থাকে (Sengol installation in new Parliament building) ৷
1927 চনত নিৰ্মিত বৰ্তমানৰ সংসদ ভৱনটোতকৈও বৃহৎ পৰিসৰত নতুন সংসদ ভৱনটো নিৰ্মাণ কৰা হৈছে । উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কাৰ্পেট, ত্ৰিপুৰাৰ বাঁহৰ মজিয়া আৰু ৰাজস্থানৰ শিলেৰে খোদিত কৰা নতুন সংসদ ভৱনটোৱে "ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক প্ৰতিফলিত কৰে"(New Parliament building)।