নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ :দেশৰ বৰ্ধিত জিডিপিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । 'ইনফিনিটি ফ'ৰাম ২.০' সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহত ভাৰতৰ জিডিপি ৭.৭ শতাংশ বৃদ্ধি হৈছে । তেওঁৰ মতে বৰ্ধিত জিডিপিয়ে দেশৰ শক্তিশালী অৰ্থনীতি আৰু যোৱা ১০ বছৰত কৰা পৰিৱৰ্তনশীল সংস্কাৰৰ প্ৰতিফলন ।
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ইনফিনিটি ফ'ৰাম ২.০' সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিত্তীয় টেক (জিআইএফটি) চহৰক নতুন যুগৰ বিশ্বব্যাপী বিত্তীয় আৰু প্ৰযুক্তি সেৱাৰ বিশ্ব নাভি কেন্দ্ৰলৈ পৰিৱৰ্তন কৰিব বিচাৰে ।
ভিডিঅ' কনফাৰেন্সত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা মতে এই বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহতে ভাৰতে ৭.৭ শতাংশ জিডিপি বৃদ্ধি কৰিছে । তেওঁৰ মতে সমগ্ৰ বিশ্বই আজি ভাৰতৰ ওপৰত নিৰ্ভৰশীল । এয়া নিজে হোৱা নাছিল, এয়া ভাৰতৰ শক্তিশালী অৰ্থনীতিৰ প্ৰতিফলন বুলিও তেওঁ অভিহিত কৰে ।