নিউজ ডেস্ক, ৩ নৱেম্বৰ :শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজধানীৰ প্ৰগতি ময়দানত 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩' উদ্বোধন কৰে । এই মেগা ফুড ইভেণ্টৰ দ্বিতীয় সংস্কৰণটো হৈছে আত্মসহায়ক গোটবোৰ শক্তিশালী কৰাৰ এক প্ৰচেষ্টা । তেওঁ এক লাখতকৈও অধিক এছএইচজি সদস্যৰ বাবে বীজ মূলধন সাহায্য বিতৰণ কৰে আৰু 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ অংশ হিচাপে এখন 'ফুড ষ্ট্ৰীট' উদ্বোধন কৰে । দিল্লীত আৰম্ভ হোৱা এই তিনিদিনীয়া মেগা ফুড অনুষ্ঠানৰ ৫ নৱেম্বৰত সমাপ্ত হ'ব ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰৰ কৃষকপন্থী নীতিৰ বাবে দেশৰ খাদ্য সংসাধন উদ্যোগে বিগত ৯ বছৰত ৫০,০০০ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) আকৰ্ষিত কৰিছে আৰু ই এক সম্ভাৱ্য 'সূৰ্যোদয়' উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁ লগতে কয় যে বিগত ন বছৰত ভাৰতৰ সংসাধিত খাদ্যৰ ৰপ্তানি ১৫০ শতাংশ বৃদ্ধি পাইছে । আনহাতে, দেশৰ ঘৰুৱা খাদ্য সংসাধন ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে ।
এই বৃহৎ খাদ্য অনুষ্ঠানৰ লক্ষ্য হৈছে ভাৰতক 'বিশ্বৰ খাদ্য ভঁৰাল' হিচাপে প্ৰদৰ্শন কৰা আৰু ২০২৩ বৰ্ষক আন্তৰ্জাতিক বাজৰা বৰ্ষ (International Year of Millets) হিচাপে উদযাপন কৰা । 'বীজ মূলধন সহায়'ৰ অধীনত আগবঢ়োৱা সমৰ্থনে উন্নত পেকেজিং আৰু মানদণ্ড নিৰ্মাণৰ জৰিয়তে এছএইচজিক বজাৰত উন্নত মূল্য লাভ কৰাত সহায় কৰিব । মেগা অনুষ্ঠানটোৰ অংশ হিচাপে অনুষ্ঠিত 'ফুড ষ্ট্ৰীট'ত আঞ্চলিক ৰন্ধন প্ৰণালী আৰু ৰাজকীয় ৰন্ধন ঐতিহ্য আছে, য'ত দুই শতাধিক ৰান্ধনীয়ে পৰম্পৰাগত ভাৰতীয় ৰন্ধন প্ৰণালী উপস্থাপন কৰে ।
কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী পশুপতি কুমাৰ পৰশেও ভাষণ প্ৰদান কৰি বিদেশী বিনিয়োগকাৰীসকলক ভাৰতলৈ আহি খাদ্য সংসাধন খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায় ।