অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে দেশৰ প্ৰথমটো চালকবিহীন ৰে’ল প্ৰকল্প - delhi metro

সোমবাৰে এক ভিডিঅ’ কনফাৰেঞ্চযোগে ভাৰতবৰ্ষৰ প্ৰথমটো চালকবিহীন ৰে’ল প্ৰকল্পৰ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM modi inaugurated India's first ever driverless train operations
প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিলে দেশৰ প্ৰথমটো চালকবিহীন ৰে’ল প্ৰকল্প

By

Published : Dec 28, 2020, 12:59 PM IST

নেশ্যনেল ডেস্ক,28 ডিচেম্বৰ: সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰে ভাৰতবৰ্ষৰ প্ৰথমটো চালকবিহীন ৰে’ল প্ৰকল্পৰ ৷ এক ভিডিঅ’ কনফাৰেঞ্চযোগে নতুন দিল্লীৰ এয়াৰপোৰ্ট এক্সপ্ৰেছ লাইনত ‘National Common Mobility Card’ সেৱাৰ দ্বাৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম এই সেৱাৰ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

চালকবিহীন এই ৰে’লসমূহ সম্পূৰ্ণৰূপে স্বা-চালিত হ’ব যি মানুহৰ দ্বাৰা সংঘটিত হ’ব পৰা ভুলসমূহ নাইকিয়া কৰিব ৷ দিল্লী মেট্ৰ’ৰ মেজেন্টা লাইন (দক্ষিণ জনকপুৰীৰ পৰা ব’টানিকেল গাৰ্ডেন)ত চালকবিহীন এই ৰ’ল সেৱা কাৰ্যকৰী হোৱাৰ পিছতে পিংক লাইনতো (মজলিশ পাৰ্কৰ পৰা শিৱ বিহাৰ) 2021 বৰ্ষৰ মাজভাগৰ পৰা চালকবিহীন ৰে’ল সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে চৰকাৰে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়,এই নতুন ব্যৱস্থাই যাতায়তৰ ক্ষেত্ৰত এক নতুন আৰু আৰামদায়ক অধ্যায়ৰ সূচনা কৰিব ৷ এয়াৰপোৰ্ট এক্সপ্ৰেছ লাইনত National Common Mobility Card সেৱাৰ দ্বাৰা যাত্ৰীসকলে ডেবিট কাৰ্ড,ৰু-পে আদিৰ দ্বাৰা দেশৰ যিকোনো ঠাইতে সেই নিৰ্দিষ্ট পথত ভ্ৰমণ কৰিব পাৰিব ৷

এই বিশেষ সুবিধাটো 2022 চনৰ ভিতৰত সমগ্ৰ দিল্লী মেট্ৰ’তে কাৰ্যকাৰী কৰা হ’ব বুলি জনায় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷

লগতে পঢ়ক-আজি অসমকে ধৰি চাৰি ৰাজ্যত পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক অভিযান

ABOUT THE AUTHOR

...view details