অসম

assam

ETV Bharat / bharat

Indian Science Congress: তৃণমূল পৰ্যায়ত পৰীক্ষাগাৰ স্থাপনৰ পোষকতা প্ৰধানমন্ত্ৰীৰ - PM Modi at inaugural function of ISC

১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ ৰাষ্ট্ৰসন্ত তুকাদোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ (Rashtrasant Tukdoji Maharaj Nagpur University)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতীয় বিজ্ঞান কংগ্ৰেছ উদ্বোধন কৰে । এই অধিবেশন পাঁচদিন চলিব ।

PM Modi at inaugural function of ISC
১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ উদ্বোধন

By

Published : Jan 3, 2023, 1:32 PM IST

নেশ্য়নেল ডেস্ক,৩ জানুৱাৰী:ভাৰতীয় সমাজৰ তৃণমূল পৰ্যায়লৈ পৰীক্ষাগাৰক লৈ যাব পাৰিলে বিজ্ঞানে উন্নয়নৰ দিশে আগুৱাই নিব পাৰিব বুলি মন্তব্য় কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ (Indian Science Congress 2023) উদ্বোধন কৰি এইদৰে মন্তব্য় কৰে । প্ৰধানমন্ত্ৰী মো়ডীয়ে মঙলবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতীয় বিজ্ঞান কংগ্ৰেছ উদ্বোধন কৰে । তেওঁ পুনৰ কয় যে বিজ্ঞানৰ প্ৰয়োগ বিশ্বব্যাপী আৰু স্থানীয় ভাৱে হ'ব লাগিব (PM Modi at inaugural function of ISC)।

ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে ষ্টাৰ্টআপৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ তিনিখন দেশৰ ভিতৰত আছে (108th Indian Science Congress)। এইবছৰ আইএছচিৰ মূল বিষয় হৈছে "মহিলা সশক্তিকৰণৰ সৈতে বহনক্ষম বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি।" এই প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কয়,"২০১৫ চনলৈকে আমি ১৩০ খন দেশৰ গোলকীয় উদ্ভাৱন সূচকত ৮১ তম স্থানত আছিলো । কিন্তু ২০২২ চনত আমি ৪০ তম স্থানত উপনীত হৈছো ।" প্ৰধানমন্ত্ৰী মোডীয়ে বিজ্ঞানৰ ক্ষেত্ৰত মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণৰ ওপৰতো বক্তব্য আগবঢ়ায় ।

উল্লেখ্য় যে উক্ত সন্মিলনত অংশগ্ৰহণকাৰীসকলে মহিলাৰ সৱলীকৰণ, ষ্টেমৰ মহিলা (STEM) আৰু বহনক্ষম উন্নয়নত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিব । অংশগ্ৰহণকাৰীসকলে শিক্ষাদান,গৱেষণা আৰু উদ্যোগৰ উচ্চ স্তৰত মহিলাৰ সংখ্যা বৃদ্ধি কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব । তদুপৰি মহিলাসকলক ষ্টেম (Science, Technology, Engineering, Mathematics) শিক্ষা, গৱেষণাৰ সুযোগ আৰু অৰ্থনৈতিক অংশগ্ৰহণৰ সমান প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰা হ'ব ।

ইপিনে,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদান প্ৰদৰ্শনৰ বাবে এক বিশেষ কাৰ্যসূচীও অনুষ্ঠিত হ'ব । ভাৰতীয় বিজ্ঞান কংগ্ৰেছত প্ৰখ্যাত মহিলা বিজ্ঞানীসকলে বক্তৃতাও প্ৰদান কৰিব । আইএছচিৰ সৈতে আন কেইবাটাও কাৰ্যসূচীও আয়োজন কৰা হৈছে । শিশুসকলৰ মাজত বৈজ্ঞানিক আগ্ৰহ আৰু স্বভাৱ উদ্দীপিত কৰাত সহায় কৰিবলৈ শিশু বিজ্ঞান কংগ্ৰেছো আয়োজন কৰা হ'ব ।

ভাৰতীয় বিজ্ঞান কংগ্ৰেছত কৃষক বিজ্ঞান কংগ্ৰেছে জৈৱ-অৰ্থনীতিউন্নত কৰিবলৈ আৰু যুৱসকলক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব । জনজাতীয় বিজ্ঞান কংগ্ৰেছো অনুষ্ঠিত হ'ব যত জনজাতীয় মহিলাসকলৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে থলুৱা প্ৰাচীন জ্ঞান প্ৰণালী আৰু অনুশীলনৰ বৈজ্ঞানিক প্ৰদৰ্শনৰ এক মঞ্চ হ'ব । উল্লেখ্য় যে কংগ্ৰেছৰ প্ৰথম অধিৱেশন ১৯১৪ চনত অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক:Rajnath Sing to Visit Arunachal: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচলৰ পৰা উদ্বোধন কৰিব 28 খন দলং

ABOUT THE AUTHOR

...view details