নিউজ ডেস্ক, 25 আগষ্ট : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ দিনজোৰা ভ্ৰমণসূচীৰে গ্ৰীচত উপস্থিত হোৱাৰ লগে লগে গ্ৰীচৰ শীৰ্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বন্ধুত্ব গভীৰ কৰাৰ লক্ষ্যৰে উৎপাদনশীল আলোচনাৰ বাবে আগ্ৰহী, যিটো ৪০ বছৰৰ ভিতৰত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰথম পদক্ষেপ ৷ গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছৰ আমন্ত্ৰণত ইয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী ৷
তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰা গ্ৰীচৰ ৰাজধানীত উপস্থিত হয় য’ত তেওঁ ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে আৰু সেই দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ৷ বিমানবন্দৰত তেওঁক আদৰণি জনায় গ্ৰীচৰ বৈদেশিক মন্ত্ৰী জৰ্জ জেৰাপেট্ৰিটিছে ৷
মোদীয়ে টুইটাৰত কয় যে, "এথেন্সত অৱতৰণ কৰিলোঁ ৷ ভাৰত-গ্ৰীচৰ বন্ধুত্ব গভীৰ কৰাৰ লক্ষ্যৰে এক উৎপাদনশীল গ্ৰীচ ভ্ৰমণৰ বাবে আগ্ৰহী ৷ মই প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিম আৰু ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিম ৷ গ্ৰীচৰ ঐতিহাসিক দৃশ্যপটৰ মাজত ভাৰতীয় সম্প্ৰদায়ৰ উষ্মতা আৰু আতিথ্য উজ্জ্বলভাৱে জিলিকি উঠিছে ৷ উষ্ম আদৰণিৰ বাবে তেওঁলোকক আন্তৰিক ধন্যবাদ ৷" উল্লেখ্য যে, ৰাষ্ট্ৰপতি কেটেৰিনা ছাকেলাৰ’পুল’কো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে মোদীয়ে ৷