নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ শনিবাৰে অযোধ্যাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ উত্তৰ প্ৰদেশ আৰক্ষী আৰু নিৰাপত্তা সংস্থাই সমগ্ৰ অযোধ্যাৰ প্ৰতিটো কোণত প্ৰায় ছয় হাজাৰ নিৰাপত্তাৰক্ষী, এছ পি জি, এন এছ জি, ইউ পি এ টি এছ আৰু আৰক্ষী জোৱানক মোতায়েন কৰিছে । ইয়াৰ উপৰিও উচ্চ প্ৰযুক্তিৰ ড্ৰ’নৰ জৰিয়তে সমগ্ৰ ৰাম নগৰী আৰু অনুষ্ঠানস্থলীৰ লগতে স্থলপথ, জলপথ আৰু আকাশমাৰ্গত দৃষ্টি ৰখা হৈছে ৷
অযোধ্যাৰ বিমানবন্দৰ আৰু অযোধ্যা ধাম ৰেল ষ্টেচনৰ নিৰাপত্তাৰ দায়িত্ব লৈছে এছ পি জিয়ে । ধৰমপথ আৰু ৰামপথৰ দুয়োটা ৰেলপথৰ পৰা বজাৰলৈকে বেৰিকেড লগাই যাতায়তৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে । বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত তিনিজন আৰক্ষী উপ-মহাপৰিদৰ্শক, ১৭জন আৰক্ষী অধীক্ষক, ৪০জন অতিৰিক্ত আৰক্ষী অধীক্ষক, ৮২জন উপ-আৰক্ষী অধীক্ষক, ৯০জন পৰিদৰ্শক, ২০০০জন হেড কনিষ্টবল আৰু কনিষ্টবল (পুৰুষ আৰু মহিলা) নিয়োজিত কৰা হৈছে ৷
ইয়াৰ উপৰি ৪৫০ জন যান-বাহন আৰক্ষী বিষয়া, ১৪ টা কোম্পানী পিএচি, ৬ টা কোম্পানী চিআৰপিএফ আৰু আৰএএফ, ২ টা বেটেলিয়ন এটিএছ, ১৫০ জন অগ্নিনিৰ্বাপক বাহিনী, ১৫০০ হোমগাৰ্ড আৰু পিআৰডি জোৱানৰ উপৰিও অযোধ্যাত প্ৰায় ছয় হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে । ইয়াৰ উপৰিও নিৰাপত্তাৰ বাবে এছ পি জি আৰু এন এছ জি কমাণ্ডো মোতায়েন কৰা হৈছে বুলি প্ৰশান্ত কুমাৰে জানিবলৈ দিয়ে ।