অসম

assam

শনিবাৰে অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী মোদী, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ সতৰ্কতা জাৰি চোৰাংচোৱা সংস্থাৰ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 9:26 AM IST

Updated : Dec 28, 2023, 10:39 AM IST

30 ডিচেম্বৰত অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী মোদী(PM Modi) ৷ প্ৰায় তিনিঘন্টাৰ বাবে অযোধ্যালৈ (Ayodhya) যাবলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ সতৰ্কতা জাৰি কৰিছে ভাৰতীয় চোৰাংচোৱা সস্থাই ৷

PM Modi Visit in Ayodhya
শনিবাৰে অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, 28 ডিচেম্বৰ : 30 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যালৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উক্ত দিনাই নৱ-নিৰ্মিত অযোধ্যা ৰে’ল ষ্টেচন আৰু বিমান বন্দৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, প্ৰায় তিনিঘন্টাৰ বাবে অযোধ্যালৈ যাবলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ সতৰ্কতা জাৰি কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই ৷

শেহতীয়াকৈ সংসদৰ ভিতৰত দুৰ্বৃত্তই সংঘটিত কৰা অপ্ৰীতিকৰ পৰিৱেশ আৰু নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ পাচতে প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ সতৰ্কতা জাৰি কৰিছে চোৰাংচোৱা সংস্থাই ৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে তাৰবাবে সাজু হৈছে এন এছ জি, এ টি এছৰ লগতে এছ টি এফ কমাণ্ডোসকল ৷

নিৰাপত্তা ব্যৱস্থাৰ সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান(আইন-শৃংখলা) প্ৰশান্ত কুমাৰে কয়, ‘‘কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ইয়াৰে অযোধ্যাত তিনিজন ডি আই জি, 17 জন আৰক্ষী অধীক্ষক, 40 জন অতিৰিক্ত আৰক্ষী অধীক্ষক, 82 জন উপ আৰক্ষী অধীক্ষক, 90 জন পৰিদৰ্শক, 325 জন উপ-পৰিদৰ্শক, 33 গৰাকী মহিলা উপ-পৰিদৰ্শক, দুই হাজাৰ কনিষ্টবল, 450 টা যান-বাহন আৰক্ষী বিষয়া, 14 টা কোম্পানী পি এ চি আৰু ছটা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী মোতায়েন কৰা হৈছে ৷’’

30 ডিচেম্বৰত অযোধ্যাত বিশৃংখলতা সৃষ্টিৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, সমগ্ৰ অযোধ্যাত সতৰ্কতা বৃদ্ধি কৰা হৈছে । যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰতো কেতবোৰ নীতি নিয়ম বান্ধি দিছে প্ৰশাসনে ৷ 30 ডিচেম্বৰৰ পাছতো অযোধ্যাত বিশৃংখলতা সৃষ্টি কৰিবলৈ বিচৰা গোটসমূহৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক :মধ্যপ্ৰদেশত বাছ-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ, জীৱন্তে অগ্নিদগ্ধ হৈ 12 জন লোক মৃত্যু

Last Updated : Dec 28, 2023, 10:39 AM IST

ABOUT THE AUTHOR

...view details