অসম

assam

ETV Bharat / bharat

PM Modi in UAE: ইউএইৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক; দ্বিপাক্ষিত সম্পৰ্ক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা - প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে UAEত দিনজোৰা ভ্ৰমণসূচীৰে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তেওঁ ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে ৷

Etv Bharat
Etv Bharat

By

Published : Jul 15, 2023, 8:38 PM IST

নেশ্যনেল ডেস্ক, 15 জুলাই: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ইউএইৰ (UAE) ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে ৷ প্ৰধানমন্ত্ৰী মোদীক UAFৰ ৰাষ্ট্ৰপতি ভৱন ‘কাছৰ আল ৱাতান’ত আনুষ্ঠানিকভাৱে আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী UAE ভ্ৰমণৰ মূল কেন্দ্ৰবিন্দু হ’ল শক্তি, খাদ্য সুৰক্ষা আৰু প্ৰতিৰক্ষা আদিৰ দৰে ক্ষেত্ৰসমূহ ৷ ভাৰত আৰু UAEয়ে বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা, সুৰক্ষা আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰৱ এমিৰেটত (UAE) 'COP-28'ৰ সভাপতিত্বকালত ভাৰতৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে ৷ লগতে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে UAEত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP-28'ৰ মনোনিত সভাপতি ড৹ চুলতান আল জাবেৰৰ সৈতে আলোচনাত মিলিত হয় ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইত অনুষ্ঠিত হ'বলগীয়া COP-28ৰ অধ্যক্ষ আৰু আবু ধাবি নেশ্যনেল অইল কোম্পানীৰ গ্ৰুপৰ চিইঅ’ ড৹ চুলতান আল জাবেৰৰ সৈতে এক ফলপ্ৰসূ বৈঠকত অংশ লয় ৷’’

ড৹ জাবেৰে প্ৰধানমন্ত্ৰী মোদীক আগন্তুক চিঅ'পি-28 ৰ বিষয়ে অৱগত কৰে । প্ৰধানমন্ত্ৰীয়ে UAEৰ COP-28ৰ সভাপতিত্বৰ সময়ত ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে ৷

2023 চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন বা UNFC ইউএনএফচিৰ সন্মিলনক চিঅ'পি-28 বুলি জনা যায় ৷ 30 নৱেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ দুবাইত অনুষ্ঠিত হ'ব এই COP-28 । 1992 চনত ৰাষ্ট্ৰসংঘৰ প্ৰথম জলবায়ু চুক্তি স্বাক্ষৰিত হোৱাৰ পিচৰে পৰা এই সন্মিলন বছৰি অনুষ্ঠিত হৈ আহিছে ৷

লগতে পঢ়ক:India UAE economic partnership : ভাৰত আৰু ইউএইৰ অৰ্থনৈতিক অংশীদাৰিত্ব ঐতিহাসিক; ইউএইৰ বৈদেশিক মন্ত্ৰী

ABOUT THE AUTHOR

...view details