নেশ্যনেল ডেস্ক, ২ মাৰ্চ :ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষই (Russia Ukraine crisis) ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে । দুয়োখন দেশৰ সেনাৰ মাজত তীব্ৰ সংঘৰ্ষ চলি থকাৰ মাজতে বহু দেশে ইউক্ৰেইনৰ পক্ষত থিয় দিছে । ইফালে ভাৰতেও এই যুদ্ধক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ভাৰতে জৰুৰী সাহায্য সামগ্ৰী প্ৰেৰণৰ বাবেও সাজু হৈছে ।
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ইউৰোপীয় পৰিষদৰ সভাপতি চাৰ্লছ মিশেলৰ সৈতে বাৰ্তালাপ কৰে (PM Modi holds phone talks with European Council President) । ইউক্ৰেইনৰ সংকট আৰু মানৱীয় সংকটৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শত্ৰুতা ভংগ কৰি আলোচনালৈ অহাৰ বাবে দুয়োখন দেশক আহ্বান জনায় ।