অসম

assam

By

Published : Feb 21, 2023, 6:28 PM IST

ETV Bharat / bharat

Operation Dost to quake hit Turkey : তুৰস্কলৈ যোৱা 'Operation Dost'ৰ সকলো সদস্যক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

অপাৰেচন ডষ্টৰ অধীনত ভাৰতে তুৰস্কলৈ বিশেষ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছিল (Operation Dost to Turkey)। অভিযান সামৰি ভাৰতত উপস্থিত হোৱা দলটোৰ সকলো সদস্যকে ধন্যবাদ আৰু অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপত এনডিআৰএফৰ বিষয়া-কৰ্মচাৰীয়ে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ।

Operation Dost to quake hit Turkey
তুৰস্কলৈ যোৱা 'Operation Dost'ৰ সকলো সদস্যক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২১ ফেব্ৰুৱাৰী :শেহতীয়াকৈ তুৰস্কত শক্তিশালী ভূমিকম্পৰ পাছত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল (Turkey earthquake)। সংকটৰ সময়ত বিশ্বৰ বিভিন্ন দেশে বিভিন্ন ধৰণে তুৰস্ক আৰু ছিৰিয়াক সহযোগিতা আগবঢ়াইছে । ভাৰতেও 'অপাৰেচন ডষ্ট'ৰ অধীনত তুৰস্ক লৈ চিকিৎসক, উদ্ধাৰকাৰী দল, ডগ স্কোৱাড আদি প্ৰেৰণ কৰিছিল (Operation Dost of India)। সফল অভিযানৰ পাছত 'অপাৰেচন ডষ্ট'ৰ অধীনৰ বিষয়া-কৰ্মচাৰীসকল ভাৰতত উপস্থিত হোৱাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোকে অভিনন্দন জনাইছে (PM Modi congratulated teams of Operation Dost)।

মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে 'অপাৰেচন ডষ্ট'ত জড়িত কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে (Modi interacts with personnel of Operation Dost)। দুৰ্যোগ সাহায্যকাৰী দলসমূহক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰি কয় যে, ভাৰত এখন নিস্বাৰ্থ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ কেইঘণ্টামানৰ ভিতৰতে ভাৰতে সঁহাৰি জনাইছিল । ভূমিকম্প বিধ্বস্ত তুৰস্কলৈ সহায় আগবঢ়াবলৈ ভাৰতে 'অপাৰেচন ডষ্ট' আৰম্ভ কৰে (India help assistance to Turkey)।

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত এন ডি আৰ এফৰ বিষয়াসকলে তুৰস্কত উদ্ধাৰ অভিযান চলাই থকাৰ সময়ত তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা ব্যক্ত কৰে (NDRF personal shared experiences of Turkey operation)। একাংশৰ মতে তুৰস্কত তেওঁলোকক সৰ্বশক্তিমানৰ সৈতে তুলনা কৰিছিল । যাৰ বাবে তেওঁলোক যথেষ্ট আনন্দিত হৈছিল । আন একাংশ বিষয়াই আকৌ তাত প্ৰত্যক্ষ কৰা কিছুমান দৃশ্য বৰ্ণনা কৰি আৱেগিক হৈ পৰে ।

অভিযানটোত থকা কিছুমান কৰ্মচাৰী প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ গৈছিল । আনহাতে কিছুমানে উল্লেখ কৰা মতে তুৰস্কৰ লোকসকলক সহায় কৰিবলৈ তেওঁলোকে পৰিয়াল আৰু সন্তানক ঘৰত এৰি গৈছিল ।

এগৰাকী কমাণ্ডিং অফিচাৰে কয় যে, তুৰস্কত এগৰাকী ৰোগীৰ আত্মীয়ই কৈছিল যে, ভাৰতীয় বিষয়াগৰাকী তেওঁলোকৰ পিতৃৰ দৰে । তেওঁ আনকি আশ্বাস দিয়ে যে, তেওঁৰ দেশৰ পৰৱৰ্তী প্ৰজন্মই ভাৰতীয়ৰ প্ৰচেষ্টা মনত ৰাখিব । আন এগৰাকী বিষয়াই উল্লেখ কৰা মতে তুৰস্কত দেখা দৃশ্যবোৰ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে । তেওঁ ২০২০ চনৰ লকডাউনৰ পৰিস্থিতিৰ কথা মনলৈ আনিছিল । কিন্তু তাত এটাই পাৰ্থক্য আছিল যে বেছিভাগ অট্টালিকাই ধ্বংস হৈ মাটিৰ সৈতে সমান হৈ গৈছিল ।

ইফালে এন ডি আৰ এফৰ কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁলোকে ভাৰতক গৌৰৱান্বিত কৰিছে । মোডীয়ে লগতে কয় যে, ভাৰত প্ৰথম সঁহাৰি দিয়া দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে যিয়ে বিশ্বৰ যিকোনো প্ৰান্তত প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত যিকোনো দেশক সহায় আগবঢ়াই আহিছে (Modi praises NDRF for Turkey operation)। ভাৰতে নিজকে এক স্বাৱলম্বী আৰু নিস্বাৰ্থ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে । প্ৰধানমন্ত্ৰী মোডীয়ে এনডিআৰএফৰ প্ৰচেষ্টাক প্ৰশংসা কৰে । কিন্তু বিশ্বৰ সৰ্বশ্ৰেষ্ঠ উদ্ধাৰ আৰু সাহায্য দল হিচাপে ভাৰতৰ পৰিচয় শক্তিশালী কৰিব লাগিব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লগতে পঢ়ক :Arunachal Assembly special session : অৰুণাচল বিধানসভাৰ বিশেষ অধিৱেশন সম্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ABOUT THE AUTHOR

...view details