অসম

assam

ETV Bharat / bharat

তেলেংগানাৰ মুখ্যমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক জনালে ৬৭ সংখ্যক জন্মদিনৰ শুভেচ্ছা ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
তেলেংগানাৰ মুখ্যমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

By

Published : Feb 17, 2021, 10:48 AM IST

নেশ্যনেল ডেস্ক,17 ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক 67 সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ কামনা কৰে । এক টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে এই শুভেচ্ছা জ্ঞাপন কৰে ৷

কেচিআৰ হিচাপে খ্যাত কালভাকুন্তলা চন্দ্ৰশেখৰ ৰাওৰ জন্ম হৈছিল 1954 চনৰ 17 ফেব্ৰুৱাৰীত ৷ মেডাক জিলাৰ চিন্তামেডাকত জন্ম লাভ কৰা নেতাগৰাকী তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ যিয়ে তেলেংগানাক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চলা আন্দোলনৰ গুৰি ধৰিছিল ৷

2014 চনৰ নিৰ্বাচনত 119 খন আসনৰ ভিতৰত 63 খন আসন লাভ কৰি চৰকাৰ গঠন কৰা দলটোৰ নেতা কেচিআৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে শ্ৰম আৰু নিয়োগ মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল ৷ 2018 চনৰ বিধানসভা নিৰ্বাচনত 88 খন আসন লাভ কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰে কেচিআৰে ৷

লগতে পঢ়ক:বায়ুত কাৰ্বনৰ মাত্ৰা জানিবলৈ চণ্ডীগড়ত বিশেষ এপ মুকলি

ABOUT THE AUTHOR

...view details