নিউজ ডেস্ক,২১ জানুৱাৰী :উত্তৰ পূবৰ তিনিখন ৰাজ্য় ক্ৰমে মণিপুৰ,ত্ৰিপুৰা আৰু মেঘালয়ে বৃহস্পতিবাৰে পালন কৰে 'ৰাজ্য়িক দিৱস'ৰ । এই শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে শুভেচ্ছা জনালে ৰাজ্য় কেইখনৰ প্ৰতিগৰাকী নাগৰিকক । মণিপুৰৰ বিষয়ে টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ উন্নয়নত যথেষ্ট অৰিহণা আছে ৰাজ্য়খনৰ । সমান্তৰালকৈ মণিপুৰবাসীক শুভেচ্ছা জনাই তেওঁ কয় যে ৰাজ্য়খন নতুনত্ব উদ্ভাৱন আৰু ক্ৰীড়া প্ৰতিভাৰ এক ভঁৰালস্বৰূপ। ৰাজ্য়খনৰ প্ৰগতিৰ দিশত অগ্ৰগতিৰ বাবেও শুভকামনা জনাই প্ৰধানমন্ত্ৰী মোডীয়ে ।
ত্ৰিপুৰাৰ নাগৰিককো শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্য়খনৰ লোকসকলৰ সংস্কৃতি আৰু উদাৰ মনৰ বাবে সমগ্ৰ দেশতে প্ৰশংসাৰপাত্ৰ ত্ৰিপুৰাবাসী । লগতে তেওঁ কয় যে ৰাজ্য়খনে বিভিন্ন ক্ষেত্ৰত প্ৰগতি লাভ কৰিছে আৰু এই ধাৰা অব্য়াহত থাকিব বুলি আশা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।