অসম

assam

ETV Bharat / bharat

ব’হাগ বিহু, পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যত একেটা দিনতে উদযাপন কৰা হৈছে ব’হাগ বিহু, পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখী (PM Modi greets the nation) । বিভিন্ন জাতিয়ে পালন কৰা এই বিশেষ উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে শুভেচ্ছা জ্ঞাপন কৰে । মোডীয়ে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ অসমীয়াতে শুভেচ্ছা জ্ঞাপন কৰি টুইট কৰে ৷

PM Modi greets nation
বহাগ বিহু উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাণী

By

Published : Apr 14, 2022, 1:26 PM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল :চৌদিশে আৰম্ভ হৈছে ৰঙালীৰ উছাহ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসমবাসীক ব’হাগ বিহুৰ শুভেচ্ছা জনাইছে (PM Modi greets Assamese on Rongali Bihu) । টুইটযোগে অসমীয়া ভাষাতে বহাগ বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে, এই বিশেষ উৎসৱে অসমৰ সংস্কৃতি প্ৰদৰ্শন কৰি আহিছে । এই বিহুৱে সকলোৰে জীৱনত সুখ-সমৃদ্ধি কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

ব’হাগ বিহুৰ সমান্তৰালকৈ পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখীৰো শুভেচ্ছা জ্ঞাপন কৰে । তামিলনাডুৰ ৰাইজে পালন কৰা পুথাণ্ডুৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, আগন্তুক বছৰটো সকলোৰে বাবে সফলতা আৰু সুখেৰে ভৰি পৰক (PM Modi greets people of Tamil Nadu on Puthandu) । তামিল ভাই-ভনীসকলৰ সকলো আকাংক্ষা পূৰণ হোৱাৰ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

ইফালে ওড়িয়া নৱবৰ্ষ আৰু মহা বিশুবা পানা সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন বছৰটো সুখেৰে ভৰি থাকক (PM Modi greets Oriya New Year) । সমাজত ভাতৃত্ববোধ বৃদ্ধি হোৱাৰ লগতে আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে শুভেচ্ছাবাণী প্ৰেৰণ কৰে । সকলোকে বৈশাখীৰ শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ।

লগতে পঢ়ক :পৰম্পৰাগত পোছাকত শীতলাক মাতাৰ উপাসনাত নিমজ্জিত ছত্তিশগড়ৰ আবকাৰী মন্ত্ৰী

ABOUT THE AUTHOR

...view details