নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ :দেশত এতিয়া দীপাৱলীৰ আনন্দ-উল্লাস । দেশবাসীয়ে পৰম্পৰা অনুসৰি দীপাৱলী (Diwali) উদযাপনৰ প্ৰস্তুতি চলাইছে । এই বিশেষ মূহুৰ্তত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) ।
বৃহস্পতিবাৰে দীপাৱলী উপলক্ষে টুইটযোগে দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে । পোহৰৰ উৎসৱে সকলোৰে জীৱনলৈ যাতে সুখ,সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । হিন্দু শাস্ত্ৰ অনুসৰি আটাইতকৈ বেছি পৱিত্ৰ কাতি মাহত এই দীপাৱলী পালন কৰা হয় । ইয়াৰোপৰি বিশ্বাস কৰা হয় যে এই দিনটোতে ভগৱান ৰামে ১৪ বছৰ বনবাসৰ পাছত ৰাৱণৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ ঘৰলৈ উভতি আহিছিল ।