ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

Vande Bharat train : দেশবাসীক পুনৰ ৯ খন বন্দে ভাৰত ৰে'ল উপহাৰ প্ৰধানমন্ত্ৰীৰ - Vande Bharat train in Jharkhand

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে নতুনকৈ ৯ খন বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ কৰে । এই ৰে'লকেইখন ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, বিহাৰ, পশ্চিমবংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটত পৰিচালনা কৰা হ'ব ।

Vande Bharat train
দেশবাসীক পুনৰ ৯ খন বন্দে ভাৰত ৰে'ল উপহাৰ প্ৰধানমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 4:14 PM IST

নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৯ খন নতুন বন্দে ভাৰত ৰে'লৰ (বন্দে ভাৰত এক্সপ্ৰেছ) ফ্লেগ অফ কৰে । ১১ খন ৰাজ্যৰ ধৰ্মীয় আৰু পৰ্যটনস্থলীসমূহক সংযোগ কৰাৰ উদ্দেশ্যে মুকলি কৰা হৈছে এই দ্ৰুতবেগী ৰে'লকেইখন । অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে পূৰ্বে ভাৰতীয় ৰে'লৰ আধুনিকীকৰণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল আৰু বিজেপি চৰকাৰে ইয়াৰ পৰিৱৰ্তনৰ বাবে কাম কৰি আছে ।

উল্লেখ্য যে এই ৯ খন ৰে'ল ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, বিহাৰ, পশ্চিমবংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটত পৰিচালনা কৰা হ'ব ।

ৰে'লকেইখনৰ ফ্লেগ অফৰ পূৰ্বে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণত মোডীয়ে কয় যে আন্তঃগাঁথনি উন্নয়নৰ গতি আৰু পৰিমাণ ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাৰ সৈতে জড়িত হৈ আছে । তেওঁৰ মতে দেশত বন্দে ভাৰত ৰে'লৰ জনপ্ৰিয়তা নিৰন্তৰ বৃদ্ধি পাইছে আৰু ইতিমধ্যে ১,১১,০০,০০০ ৰো অধিক যাত্ৰীয়ে এই ৰে'লবোৰত যাত্ৰা কৰিছে । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা মতে ২৫ খন বন্দে ভাৰত ৰে'ল চলি আছে আৰু এতিয়া ৯ খন ৰে'ল ইয়াত যোগ কৰা হৈছে ।

তেওঁ আশা কৰা মতে শীঘ্ৰে এই ৰে'লসমূহে দেশৰ সকলো প্ৰান্তকে সামৰি ল'ব । তেওঁৰ মতে ভাৰতীয় ৰে'লৱে হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ ভিতৰত আটাইতকৈ বিশ্বাসী সহযাত্ৰী । ভাৰতত এদিনত ৰে'লৱেত যাত্ৰা কৰা লোকৰ সংখ্যা বহুতো দেশৰ জনসংখ্যাতকৈ বেছি । কিন্তু পূৰ্বৰ চৰকাৰে ভাৰতীয় ৰে'লৱেৰ আধুনিকীকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাছিল বুলি তেওঁ অভিযোগ কৰে ।

প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰা নতুন বন্দে ভাৰত ৰে'লসমূহ উদয়পুৰ-জয়পুৰৰ; তিৰুনেলভেলি-মাদুৰাই-চেন্নাই; হায়দৰাবাদ-বেংগালুৰু; বিজয়ৱাড়া-চেন্নাই (ৰেনিগুন্টাহৈ); পাটনা-হাওৰা; কাচাৰাগোড়-তিৰুৱন্তপুৰম; ৰৌড়কেলা-ভুৱনেশ্বৰ-পুৰী; ৰাঁচী-হাওৰা; আৰু জামনগৰ-আহমেদাবাদ । বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে । তেওঁৰ মতে এয়া ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ।

লগতে পঢ়ক :Vande Bharat Express : আজি দেশৰ 11 খনকৈ ৰাজ্যত সংযোজন ঘটিব 9 খনকৈ বন্দে ভাৰত এক্সপ্ৰেছৰ

ABOUT THE AUTHOR

...view details