নেশ্যনেল ডেস্ক, ৭ ছেপ্টেম্বৰ :বুধবাৰে বিয়লিভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ জাকাৰ্টালৈ ৰাওনা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ২০ সংখ্যক এছিয়ান-ভাৰত সন্মিলন (২০th ASEAN-Indian Summit) আৰু ৭ ছেপ্টেম্বৰ অৰ্থাৎ আজি জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব ।
জাকাৰ্টালৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ১০ খন দেশৰ প্ৰভাৱশালী গোট এছিয়ানৰ নেতাসকলৰ সৈতে ভাৰতৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ ৰূপৰেখাৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহী ।
তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱাই জাকাৰ্টাত অৱতৰণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকী জাকাৰ্টাত উপস্থিত হোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে মহিলা সৱলীকৰণ আৰু শিশু সুৰক্ষা মন্ত্ৰী আই.গুষ্টি আয়ু বিনটাং দৰমাৱতীয়ে আদৰণি জনায় ৷ লগতে জাকাৰ্টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত ইণ্ডোনেছিয়াৰ সাংস্কৃতিক নৃত্যও পৰিৱেশন কৰা হয় ৷
ইফালে জাকাৰ্টাৰ ৰিটজ কাৰ্লটন হোটেলত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে ত্ৰিৰংগ পতাকা লৈ ‘বন্দে মাতৰম’ আৰু ‘মোদী মোদী’ ধ্বনি দি তেওঁক উষ্ম আদৰণি জনায় ৷ উপস্থিত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত উপস্থিত আছিল বহু শিশুও ৷ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ আমন্ত্ৰণত জাকাৰ্টা ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে ৷