অসম

assam

ETV Bharat / bharat

Bastille Day 2023 : ফ্ৰান্সৰ বেষ্টিল দিৱসৰ গুৰুত্ব; পৰম্পৰাগত কুছকাৱাজত ভাৰতীয় সেনা - Indian military in Bastille Day

ফ্ৰান্সৰ বেষ্টিল দিৱসত ভাৰতীয় সেনাই অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অনুষ্ঠানৰ বিশিষ্ট অতিথি হ'ব । কিন্তু এই বেষ্টিল দিৱসৰ গুৰুত্ব কি ? আপুনি জানেনে ?

Bastille Day 2023
ফ্ৰান্সৰ বেষ্টিল দিৱসৰ গুৰুত্ব

By

Published : Jul 13, 2023, 3:05 PM IST

নেশ্যনেল ডেস্ক,১৩ জুলাই :ফ্ৰান্সত প্ৰতি বছৰে ১৪ জুলাইত 'বেষ্টিল দিৱস' পালন কৰা হয় । বেষ্টিল দিৱস হৈছে ফ্ৰান্সৰ এক ৰাষ্ট্ৰীয় দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি এক বিশাল কুচকাৱাজৰ আয়োজন কৰা হয় । ১৭৮৯ চনৰ ১৪ জুলাইত সামৰিক দূৰ্গ তথা কাৰাগাৰ হিচাপে জনাজাত বেষ্টিল ধ্বংসৰ স্মৃতি হিচাপে এই দিৱস পালন কৰা হয় । কোৱা হয় যে উত্তেজিত জনতাই বেষ্টিল কাৰাগাৰত আক্ৰমণ কৰিছিল । সেই দিনটোৰ পৰাই ফৰাচী বিপ্লৱৰ সূচনা হৈছিল । ভাৰতৰ স্বাধীনতাত ১৮৫৭ চনৰ বিদ্ৰোহৰ যি গুৰুত্ব আছে ঠিক তেনেদৰে ফ্ৰান্সত বেষ্টিল দিৱসৰ একে গুৰুত্ব আছে ।

ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ বেষ্টিল হৈছে মধ্যযুগৰ এটা কিল্লা আৰু কাৰাগাৰৰ নাম । ফৰাচী বুৰঞ্জীবিদসকলৰ মতে, বেষ্টিল প্ৰথমে দুৰ্গ হিচাপে নিৰ্মাণ কৰা হৈছিল, কিন্তু ১৭ আৰু ১৮ শতিকাত ইয়াক ৰাজ্যিক কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰা হয় । কোৱা হয় যে বেষ্টিল পেৰিছ চহৰৰ পূব দুৱাৰমুখ হৈ পৰিছিল, যি চহৰখনক সুৰক্ষা প্ৰদান কৰিছিল । কোৱা হয় যে সপ্তদশ শতিকাৰ মাজভাগত বিপ্লৱী আৰু সাধাৰণ নাগৰিকসকলক ফ্ৰান্সৰ ৰজাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বেষ্টিল কাৰাগাৰত ৰখা হৈছিল । ফৰাচী বিপ্লৱৰ সময়ত, এই কাৰাগাৰক এক কঠোৰ শাসনৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল ।

সেই সময়ত বিপ্লৱীসকলে বেষ্টিল কাৰাগাৰত আক্ৰমণ কৰে আৰু ৭ গৰাকী বন্দীক মুকলি কৰি আনে । তাৰ পাছত ইয়াক ফৰাচী বিপ্লৱ নাম দিয়া হয় । এই ঘটনাটো ফৰাচী বিপ্লৱৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছিল । ঘটনাটোক ৰাজতান্ত্ৰিক শাসনৰ সমাপ্তি হিচাপে গণ্য কৰা হৈছিল ।

এইবাৰ ভাৰতৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে ফ্ৰান্সৰ এই বেষ্টিল দিৱস । কিয়নো এই দিৱসৰ পেৰেডত ভাৰতীয় সেনাইও অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে ফ্ৰান্স অভিমুখে ৰাওনা হৈছে । প্ৰধানমন্ত্ৰী মোদী ১৪ জুলাইত বেষ্টিল দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে অংশ ল'ব । বেষ্টিল দিৱসৰ পেৰেডত ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ ২৬৯ জনীয়া এটা দলক ফৰাচী বাহিনীৰ সৈতে দেখা যাব । ইফালে ১০৭ বছৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই ফৰাচী সেনাৰ সৈতে কুচকাৱাজত অংশগ্ৰহণ কৰিব ।

এই বছৰৰ বেষ্টিল দিৱসৰ কুচকাৱাজ ভাৰতীয় সৈনিকসকলৰ বীৰত্বৰ প্ৰতীক হ'ব । জানিব পৰা মতে এইবাৰ কুচকাৱাজত ২০০ অশ্বাৰোহী, ২৫ খন হেলিকপ্টাৰ, ৭১ খন বিমান, ২২১ খন বাহন আৰু ৪৩০০ গৰাকী সেনাই অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :PM Modi to visit France : ৩ দিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স আৰু UAE যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details