নেশ্যনেল ডেস্ক, 13 অক্টোবৰ :হিমাচল প্ৰদেশৰ উনাৰ পৰা আৰম্ভ বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লসেৱা (Vande Bharat Express in Himachal)। বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উনা ৰে'ল ষ্টেচনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰে (PM Modi flags off Vande Bharat Express train)। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় মন্ত্ৰী তথা হামিৰপুৰৰ সাংসদ অনুৰাগ ঠাকুৰো উপস্থিত থাকে ।
এই দ্ৰুতবেগী ৰে'লখন হিমাচল প্ৰদেশ আৰু নতুন দিল্লীৰ অম্ব আন্দাউৰাৰ মাজত চলিব (Una to New Delhi Vande Bharat Express)। ৰে'লৱে বিষয়াসকলৰ মতে নতুন বন্দে ভাৰত ৰেলখন পূৰ্বৰ মডেলবোৰৰ তুলনাত এক উন্নত সংস্কৰণ কিয়নো ই যথেষ্ট পাতল আৰু দ্ৰুত বেগী । ই মাত্ৰ ৫২ ছেকেণ্ডত প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰলৈ গতি কৰিব পাৰে ।
বিষয়াসকলে জনোৱা মতে ৰে'লখন বুধবাৰৰ বাহিৰে সপ্তাহত ৬ দিন চলিব । আম্বালা, চণ্ডিগড়, আনন্দপুৰ চাহিব আৰু উনা ষ্টেচনত যাত্ৰীৰ বাবে ৰে'লখন ৰখোৱা হ'ব । ৰে'লখনৰ শুভাৰম্ভৰ লগে লগে অঞ্চলটোত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে ।
জানিব পৰা মতে, ৰে'লখনৰ টিকটৰ বুকিং শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব । এই ৰে'লখনৰ গতি বেগ প্ৰতি ঘণ্টাত ৮৬ কিলোমিটাৰ হ'ব । ৰে'লখন আম্ব-আন্দাউৰাৰ পৰা দুপৰীয়া ১ বজাত ৰাওনা হ'ব আৰু সন্ধিয়া ৬.২৫ বজাত দিল্লীত উপস্থিত হ'ব । এইখন দেশত চলি থকা চতুৰ্থ বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল ।
উল্লেখ্য যে, পুৱাই উনাৰ পেখুবেলা হেলিপেডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi Himachal Visit)। হিমাচল ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব লগতে দুখনকৈ ৰাজহুৱা সভাও সম্বোধন কৰিব । প্ৰধানমন্ত্ৰীয়ে যোৱা পাঁচ বছৰত নৱমবাৰৰ বাবে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিছে । এই বছৰৰ শেষৰ ফালে হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত মোডীৰ এই ভ্ৰমণ আৰু বন্দে ভাৰত ৰে'লৰ মুকলি অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।
বন্দে ভাৰত এক্সপ্ৰেছৰ বিশেষত্ব : ২০১৯ বৰ্ষত আৰম্ভ হোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ গতি হৈছে ইয়াৰ প্ৰথম বিশেষত্ব (Vande Bharat Express Features)। এই ৰেলখনে ৫০ ৰ পৰা ৫৫ ছেকেণ্ডত প্ৰতি ঘণ্টাত ০ ৰ পৰা ১০০ কিলোমিটাৰ গতি ল'ব পাৰে আৰু ইয়াৰ সৰ্বাধিক গতি হৈছে ১৮০ কিলোমিটাৰ প্ৰতি ঘণ্টা (Vande Bharat Express Speed)। ই হৈছে দেশৰ দ্ৰুততম ৰে'ল, সেয়েহে ইয়াক ভাৰতৰ বুলেট বুলিও ক'ব পাৰি । এই গতিৰ বাবে, যাত্ৰীসকলে ২৫ ৰ পৰা ৪৫ শতাংশ কম সময়ত তেওঁলোকৰ গন্তব্য স্থানত উপনীত হ'ব পাৰে । কিন্তু গতিৰ উপৰিও, এই ৰেলখনৰ বহুতো বিশেষত্ব আছে ।
লগতে পঢ়ক :Grant to Oil PSU : এলপিজিৰ লোকচান পূৰণৰ বাবে চৰকাৰৰ 22 হাজাৰ কোটিৰ অনুদান