নেশ্যনেল ডেস্ক, ২২ জুন :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ আজি দ্বিতীয় দিন । এইবাৰৰ প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে । দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফাৰ্ষ্ট লেডী জিল বিডেনৰ সৈতে ৱাশ্বিংটনৰ হোৱাইট হাউচত উপস্থিত হয় । য'ত ৰাষ্ট্ৰপতি জ' বিডেনে তেওঁক উষ্ম আদৰণি জনায় । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেন ভাৰতৰ কিছুমান বিশেষ বস্তু উপহাৰ দিয়া দেখা গৈছে । লগতে, জ' বিডেনেও প্ৰধানমন্ত্ৰী মোডীক বিশেষ উপহাৰ প্ৰদান কৰিছে ।
প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনক পঞ্জাৱৰ থলুৱা ঘি, ৰাজস্থানৰ হস্তনিৰ্মিত ২৪ কেৰেটৰ হলমাৰ্ক থকা সোণৰ মুদ্ৰা, ৯৯.৫ শতাংশ কেৰেটৰ ৰূপৰ মুদ্ৰা, উত্তৰাখণ্ডৰ পৰা চাউল, গুজৰাটৰ নিমখ, মহাৰাষ্ট্ৰৰ গুড়, তামিলনাডুৰ তিল, কৰ্ণাটকৰ মহীশূৰৰ চন্দনৰ টুকুৰা, পশ্চিমবংগৰ শিল্পীয়ে নিৰ্মাণ কৰা ৰূপৰ নাৰিকল আৰু এটা গণেশৰ মূৰ্তিৰ সৈতে চাকি দিয়ে । ফাৰ্ষ্ট লেডী জিল বিডেনক প্ৰধানমন্ত্ৰী মোডীয়ে এটা ৭.৫ কেৰেটৰ গ্ৰীণ হীৰাও উপহাৰ দিয়ে ।