অসম

assam

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:33 PM IST

Updated : Nov 12, 2023, 1:47 PM IST

ETV Bharat / bharat

PM Modi wishes on Diwali : দেশবাসীক দীপান্বিতাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

আজি দীপান্বিতা ৷ দীপাৱলীৰ এই শুভ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল X ৰ জৰিয়তে দেশবাসীক শুভেচ্ছা জনাইছে ৷

PM Modi wishes on Diwali
আজি দীপান্বিতা

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ :আজি দীপাৱলী ৷ দেশবাসীয়ে অতি আনন্দ মনেৰে পোহৰৰ উৎসৱটি উদযাপন কৰিবলৈ মন মেলিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েওXৰ জৰিয়তে টুইট কৰি দেওবাৰে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাইছে ৷ এই উৎসৱে যাতে সকলোৰে জীৱনত সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনে তাৰ কামনা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X (পূৰ্বৰ টুইটাৰ)ত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘‘সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালো ৷ এই উৎসৱে সকলোৰে জীৱনত সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক’’ । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে কয় যে চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ বাবে দেশত দীপাৱলীৰ উজ্জ্বল উদযাপনে অধিক শক্তি লাভ কৰিছে ।

ভাৰতবৰ্ষৰ চেলিব্ৰিটি আৰু প্ৰভাৱশালী ব্যক্তিসকলে প্ৰধানমন্ত্ৰীৰ #VocalForLocal আন্দোলনক সমৰ্থন আগবঢ়ায় । স্থানীয় বিক্ৰেতা আৰু নিৰ্মাতাসকলক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আপোনাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ লাভ উঠাওক ।

ইফালে বহু প্ৰভাৱশালী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপ #VocalForLocal ৰ ধাৰণাটোক প্ৰচাৰ কৰিবলৈ আৰু ভাৰতীয় উদ্যোগীকৰণক সমৰ্থন কৰিবলৈ ছ’চিয়েল মিডিয়াত নামি পৰা দেখিবলৈ পোৱা গৈছে ।Xত তেওঁৰ বাৰ্তাসমূহে ‘মেড ইন ইণ্ডিয়া’ আন্দোলনক সমৰ্থন কৰাৰ সাৰমৰ্মক উজ্জ্বল কৰি তুলিছে ৷

স্থানীয় সামগ্ৰীসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে প্ৰধানমন্ত্ৰীৰ লক্ষ্য থলুৱা ব্যৱসায়ীসকলৰ মনোভাৱক সৱলীকৰণ আৰু উৎসাহিত কৰা ৷ প্ৰতি বছৰে কাৰ্তিক মাহৰ ১৫ তাৰিখে অমাৱস্যা দিনা দীপাৱলী পালন কৰা হয় । এইবাৰ দেওবাৰে (১২ নৱেম্বৰ) উদযাপন কৰা হ’ব দীপাৱলী ।

এই উৎসৱক ‘পোহৰৰ উৎসৱ’ বুলিও কোৱা হয় ৷ ই আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰা আৰু বেয়া বা অসত্য বিপৰীতে সত্যৰ জয়ক প্ৰতীক হিচাবে চিহ্নিত । সেয়েহে এই উৎসৱৰ সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব আছে ।

লগতে পঢ়ক :Ayodhya Deepotsav 2023 : দীপোৎসৱক লৈ উদুলি-মুদুলি অযোধ্যা

Last Updated : Nov 12, 2023, 1:47 PM IST

ABOUT THE AUTHOR

...view details