অসম

assam

By

Published : Nov 5, 2021, 11:51 AM IST

ETV Bharat / bharat

নৱবৰ্ষৰ শুভেচ্ছাবাৰ্তা গুজৰাটবাসী ৰাইজলৈ, টুইট কৰিলে মোদীয়ে

বেষ্টু ৱৰচ (Bestu Varas)এ সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক ৷ গুজৰাটবাসীলৈ গুজৰাটী নৱবৰ্ষ(Guajarati New Year)ৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোডী(PM Modi)ৰ ৷

pm-modi-extends-gujarati-new-year-greetings
প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা

নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে গুজৰাটবাসী ৰাইজক উদ্দেশ্যি গুজৰাটী নৱবৰ্ষৰ শুভেচ্ছাবাৰ্তা প্ৰদান কৰে ৷ গুজৰাটীত টুইটাৰ যোগে তেওঁ লিখে, "সকলো গুজৰাটীলৈ আজিৰ পৰা আৰম্ভ হোৱা নৱবৰ্ষৰ শুভেচ্ছা" ৷

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আজিৰ পৰা আৰম্ভ হোৱা নতুন বছৰটোৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে আপোনালোকক স্বাস্থ্যৱান কৰি ৰাখিব আৰু প্ৰগতিৰ দিশে লৈ যাব"৷

হিন্দু পঞ্জিকা অনুযায়ী কাতি মাহৰ আৰম্ভণিতে উদযাপন কৰা হয় গুজৰাটী নৱবৰ্ষ যাক বেষ্টু ৱৰচ (Bestu Varas) বুলিও জনা যায় ৷ এই দিনটোত মানুহে দেৱতাসকলক পূজা-অৰ্চনা কৰিবলৈ মন্দিৰলৈ যায় ৷ উৎসৱৰ নতুন পোছাক পৰিধান কৰি সকলোৱে নিজৰ আত্মীয় স্বজন তথা বন্ধুবৰ্গক লগ কৰি শুভেচ্ছা জনায় ৷

ট্ৰেডাৰ আৰু ব্যৱসায়ী সকলৰ বাবে এই দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়, যিহেতু এই দিনটোক বিত্তীয় বৰ্ষৰ আৰম্ভণি হিচাপে চিহ্নিত কৰা হয়, আৰু সেয়েহে এই দিনটোতেই নতুন খাতিয়ান খোলা হয় ৷ উদ্যোগীসকল বিশেষকৈ ব্যৱসায়ত নিয়োজিত লোকসকলে অতি আনন্দৰে ভোজ-ভাতৰে সৈতে বেষ্টু ৱৰচ উদযাপন কৰে ৷

উত্তৰ ভাৰতৰ গোৱৰ্ধন পূজাৰ দিনাই গুজৰাটী নৱবৰ্ষ উদযাপন কৰা হয়, যি পূজা প্ৰতি বছৰে দীপাৱলীৰ পিছদিনা পতা হয় ৷ গোৱৰ্ধন পাহাৰৰ উপাসনা কৰিও এই দিনটো পালন কৰা হয় ৷ কিংবদন্তি অনুসৰি, ভগৱান শ্ৰীকৃষ্ণই উত্তৰ প্ৰদেশৰ মথুৰা চহৰৰ লোকসকলক ধাৰাসাৰ বৰষুণৰ পৰা সুৰক্ষিত কৰাৰ বাবে পাহাৰৰ পূজা কৰিছিল ।

লগতে পঢ়ক :কেদাৰনাথ মন্দিৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details