নেশ্যনেল ডেস্ক, 2 মে’:জাৰ্মানী অভিমুখে সোমবাৰে ৰাওনা(PM Modi departs for Germany) হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ তিনিদিনীয়া ইউৰোপ ভ্ৰমণ(PM Modi's three day Europe visit) ৰ প্ৰথমদিনাৰ অংশ হিচাপে জাৰ্মানীলৈ বুলি ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ এই কথা টুইটযোগে সদৰি কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷
ভাৰত-জাৰ্মানীৰ মাজত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে মোডীয়ে সোমবাৰে বাৰ্লিনত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ কাৰ্যসূচী অনুসৰি, মোডীয়ে ভাৰত-জাৰ্মানীৰ মাজত অনুষ্ঠিত হ’বলগীয়া 6th Inter-Governmental Consultations (IGC) ত জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ শ্চ’লজৰ সৈতে অংশগ্ৰহণ কৰিব ৷
উল্লেখ্য যে, ভাৰতৰ কেৱল জাৰ্মানীৰ সৈতে আইজিচি আছে, যি প্ৰতি দুবছৰৰ মূৰত অনুষ্ঠিত হয় । ইয়াৰ পিছতে এক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ এই মেজমেলত উপস্থিত থাকিব দুয়োখন দেশৰ শীৰ্ষ তথা মুখ্য কাৰ্যবাহী বিষয়াসকল ৷ আইজিচিৰ পঞ্চম সংখ্যক বৈঠক 2019 চনৰ 31 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল ।
প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে ডেনমাৰ্ক ভ্ৰমণ কৰি নৰ্ডিক দেশসমূহৰ নেতাসকলৰ সৈতে আলোচনা কৰাৰ লগতে অন্যান্য শীৰ্ষস্তৰীয় বাৰ্তালাপত মিলিত হ’ব ৷ বুধবাৰে পেৰিছত এক বৈঠকত অংশ লোৱাৰ পিছতে মোডীৰ ভ্ৰমণসূচীৰ অন্ত পৰিব ৷ এই সময়চোৱাতে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নক সাক্ষাৎ কৰিব ৷