নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) বৃহস্পতিবাৰে চিডনী আলোচনা চক্ৰত (Sydney Dialogue) অংশগ্ৰহণ কৰিব । আলোচনা চক্ৰত তেওঁ মুখ্য বক্তা হিচাপে ভাগ ল'ব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত "প্ৰযুক্তি বিকাশ আৰু বিপ্লৱ" (India's technology evolution and revolution) সম্পৰ্কীয় বিষয়বস্তুৰ ওপৰত বক্তব্য ৰাখিব ।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ( Australian Prime Minister Scott Morrison) তাৰ পূৰ্বে উদ্বোধনী ভাষণ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা স্পষ্ট কৰে । ইফালে চিডনী আলোচনা চক্ৰ ১৭ ৰ পৰা ১৯ নৱেম্বৰ লৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজিক পলিচী ইনষ্টিটিউটৰ (Australian Strategic Policy Institute) ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।