অসম

assam

ETV Bharat / bharat

বাৰাণসীত এম্বুলেন্সক বাট দিলে প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ে - প্ৰধানমন্ত্ৰী মোদী

PM Modi in Varanasi : বাৰাণসীত অনুষ্ঠিত হোৱা ৰোডশ্ব’ৰ সময়ত এম্বুলেন্সক বাট দিবলৈ নিজৰ কনভয় ৰখাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে সন্ধিয়া নমোঘাটত কাশী তামিল সংগমমৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰিব ৷

PM Modi convoy gives way to ambulance in Varanasi
এম্বুলেন্সক বাট দিবলৈ ৰখালে মোদীৰ কনভয়

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 6:08 PM IST

নিউজ ডেস্ক, 17 ডিচেম্বৰ : দেওবাৰে বাৰাণসীত অনুষ্ঠিত হোৱা ৰোডশ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এম্বুলেন্সক বাট দিবলৈ নিজৰ কনভয় ৰখাই দিয়ে ৷ 2 দিনীয়া বাৰাণসী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে বাৰাণসী আৰু পূৰ্বাঞ্চলৰ বাবে 19 হাজাৰ কোটিতকৈ অধিক 37 টা প্ৰকল্প আৰম্ভ আৰু উদ্বোধন কৰিব ৷

বাৰাণসী ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে সন্ধিয়া নমোঘাটত কাশী তামিল সংগমমৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰিব ৷ এই অনুষ্ঠানত তেওঁ কন্যাকুমাৰী আৰু বাৰাণসীৰ মাজত চলাচল কৰিবলগীয়া কাশী তামিল সংগমম এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব ৷

দেওবাৰে নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তেওঁক আদৰণি জনায় ৰাজ্যখনৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ তেওঁ বাৰাণসীত প্ৰায় 25 ঘণ্টা সময় কটাব বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে ৷ বাৰাণসী ভ্ৰমণৰ প্ৰথম দিনাই সন্ধিয়া নমোঘাটত কাশী তামিল সংগমমৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

এই অনুষ্ঠানত তেওঁ কন্যাকুমাৰী আৰু বাৰাণসীৰ মাজত চলাচল কৰিবলগীয়া কাশী তামিল সংগমম এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব ৷ 17 ৰ পৰা 31 ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া কাশী তামিল সংগমমত তামিলনাডু আৰু পুডুচেৰীৰ 1400 গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে বাৰাণসী, প্ৰয়াগৰাজ আৰু অযোধ্যা ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ কৰাৰ লগতে বাৰাণসী আৰু নতুন দিল্লীৰ মাজত দ্বিতীয়খন বন্দে ভাৰত ৰে’লৰ কথাও ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :চুৰাটত বিশ্বৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় হীৰা ব্যৱসায় প্ৰতিষ্ঠান ডায়মণ্ড ব’ৰ্চ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details