অসম

assam

PM Modi France Visit : প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ সৰ্বোচ্চ বঁটা 'গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ' প্ৰদান

By

Published : Jul 14, 2023, 7:45 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান ৷ শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন কাৰ্যসূচীত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে সন্মানীয় অতিথি হিচাপে যোগদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM Modi conferred with Frances highest honour
প্ৰধানমন্ত্ৰী মোদীক গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান

নিউজ ডেস্ক, 14 জুলাই :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান কৰিছে ৷ বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পেৰিছত উপস্থিত হোৱাৰ লগে লগে মোডীক ৰেড-কাৰ্পেটত আদৰণি জনোৱা হয় ৷ শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন কাৰ্যসূচীত ইমানুৱেল মেক্ৰনৰ সৈতে সন্মানীয় অতিথি হিচাপে যোগদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে ফ্ৰান্সৰ এলিচি পেলেচত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ ফটো টুইট কৰি কয় যে এইয়া অংশীদাৰিত্বৰ মনোভাৱক মূৰ্ত কৰি তোলা এক উষ্ম সংকেত ৷ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ দ্বাৰা ফ্ৰান্সৰ সৰ্বোচ্চ বঁটা গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান প্ৰদান

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণৰ হৈ এই সন্মানৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জনাইছে ৷ ইয়াৰ পূৰ্বে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডী ব্ৰিগিট মেক্ৰ'নে এলিচি পেলেচত মোদীৰ বাবে এক ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰিছিল ৷ বৃহস্পতিবাৰে সন্ধিয়া মোদীয়ে প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে আৰু ফ্ৰান্সত ইউ পি আই ব্যৱহাৰৰ বাবে চুক্তি ঘোষণা কৰি নগদবিহীন তৎক্ষণাত ধন পৰিশোধৰ ক্ষেত্ৰত ভাৰতীয় উদ্ভাৱনৰ বাবে এক বিশাল নতুন বজাৰ মুকলি কৰে ৷

চেইন নদীৰ এটা দ্বীপত পৰিবেশন কলা কেন্দ্ৰ লা চেইন মিউজিকেলত উৎসাহী দৰ্শকৰ সন্মুখত প্ৰায় এঘণ্টাজোৰা ভাষণত মোদীয়ে ভাৰতৰ দ্ৰুতগতিত চলি থকা উন্নয়নৰ ৰূপৰেখা দাঙি ধৰে আৰু দৃঢ়তাৰে কয় যে যি সময়ত বিশ্বই নতুনৰ দিশে আগবাঢ়িছে, সেইসময়ত ভাৰতৰ শক্তি আৰু ভূমিকাও অতি দ্ৰুতগতিত সলনি হৈছে ৷

মোদীয়ে ফ্ৰান্সৰ মাৰ্চেইলত নতুন ভাৰতীয় কনছুলেট মুকলি কৰাৰ কথা ঘোষণা কৰি উল্লাসিত দৰ্শকক কয় যে, ইউৰোপীয় দেশত স্নাতকোত্তৰ কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এতিয়া পাঁচ বছৰীয়া অধ্যয়নৰ পিছৰ ৱৰ্ক ভিছা লাভ কৰিব ৷ ফ্ৰান্সে নিজৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা বুলি উল্লেখ কৰি মোদীয়ে কয় যে তেওঁ বহুবাৰ দেশখনলৈ গৈছে যদিও এইবাৰ বিশেষ আছিল ৷ লগতে ফ্ৰান্সে ভাৰতক দিয়া সমৰ্থন আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শক্তিশালীতাক প্ৰশংসা কৰে তেওঁ৷ যিয়ে দুইখন দেশ কৌশলগত অংশীদাৰিত্বৰ 25 বছৰ সম্পূৰ্ণ কৰিছে ৷

ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বৰ মূল ভেটি হিচাপে পিপল-টু-পিপল কানেক্টক আখ্যা দি তেওঁ প্ৰৱাসী ভাৰতীয়সকলক ভাৰতত বিনিয়োগ কৰিবলৈ কয় ৷ তেওঁ কয় যে, বিশ্ব বিশেষজ্ঞসকলে দেশখনৰ আকৰ্ষণক বিনিয়োগৰ গন্তব্যস্থান হিচাপে স্বীকৃতি দিছে আৰু দেশখনে বিকাশৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে ৷

লগতে পঢ়ক:PM Modi France Visit : ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী; পেৰিছ বিমানবন্দৰত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথৰ আদৰণি

ABOUT THE AUTHOR

...view details