অসম

assam

ETV Bharat / bharat

আমেৰিকাৰ কেপিট'ল বিল্ডিং আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

বুধবাৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ একাংশ সমৰ্থকে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এক নতুন মোৰ দিয়াৰ চেষ্টাৰে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় ৷ কিয়নো বুধবাৰে বাইডেনক ৰাষ্ট্ৰপতি হিচাপে মোহৰ প্ৰদানৰ বাবে কেপিট'ল বিল্ডিঙত যৌথ অধিৱেশন চলিছিল ৷ এই ঘটনাক গৰিহণা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

By

Published : Jan 7, 2021, 11:36 AM IST

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী:আমেৰিকাৰ কেপিট'ল বিল্ডিং আক্ৰমণক গৰিহণা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সোমবাৰে টুইটাৰযোগে তেওঁ লিখে, "শান্তিপূৰ্ণভাৱে ক্ষমতাৰ হস্তান্তৰ হোৱাটো উচিত ৷" তেওঁ ইয়াৰোপৰি লিখে, "বে-আইনী প্ৰতিবাদৰ মাজেৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াক বন্ধ হ'ব দিব নোৱাৰে ৷"

বুধবাৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ একাংশ সমৰ্থকে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এক নতুন মোৰ দিয়াৰ চেষ্টাৰে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় ৷ কিয়নো বুধবাৰে বাইডেনক ৰাষ্ট্ৰপতি হিচাপে মোহৰ প্ৰদানৰ বাবে কেপিট'ল বিল্ডিঙত যৌথ অধিৱেশন চলিছিল ৷ পৰিস্থিতি কোনো দিশে ঢাল খাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেপিট'ল বিল্ডিঙত পূৰ্বৰ পৰাই মোতায়েন কৰা হৈছিল পৰ্যাপ্ত আৰক্ষী আৰু সেনা ৷ কিন্তু সেয়াও ফলপ্ৰসু নহ'ল ৷

প্ৰতিনিধি সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেপিট'ল বিল্ডিঙৰ চাৰিওদিশে কঠোৰ নিৰাপত্তা বেষ্টনী প্ৰদান কৰা হৈছিল ৷ বেৰিকেড আদিও স্থাপন কৰা হৈছিল সেই স্থানত ৷ কিন্তু বাহিৰত ট্ৰাম্পৰ সমৰ্থকসকলৰ ভিৰ আৰু অধিক বৃদ্ধি পায় ৷ নিৰাপত্তাৰক্ষী সকলৰ সৈতে আৰম্ভ হয় তেওঁলোকৰ সংঘৰ্ষ ৷ একাংশই বেৰিকেড উফৰাই প্ৰৱেশ কৰে কেপিট'ল বিল্ডিঙৰ ভিতৰত ৷ ইয়াৰ মাজতে গুলীবিদ্ধ হৈ এগৰাকী মহিলা মৃত্যুমুখত পৰে ৷

লগতে পঢ়ক:117 তম কংগ্ৰেছৰ বাবে নৱনিৰ্বাচিত চিনেটৰৰ শপত গ্ৰহণ

ABOUT THE AUTHOR

...view details