অসম

assam

ETV Bharat / bharat

PM Modi Holds Cabinet Meeting : প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেট বৈঠক; মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা - PM Modi discuss on Manipur situation

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্ত ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ হিংসাৰ বিষয়ে আলোচনা কৰে ।

PM Modi Holds Cabinet Meeting
PM Modi Holds Cabinet Meeting

By

Published : Jun 26, 2023, 4:42 PM IST

নিউজ ডেস্ক, ২৬ জুন :আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্ত ভ্ৰমণ সমাপ্ত কৰি দেওবাৰে নিশা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাৰ পিছত সোমবাৰে প্ৰধানমন্ত্ৰী এক কেবিনেট বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে সোমবাৰে অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে আৰু মণিপুৰৰ ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰায় । উল্লেখ্য, দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰি কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে হিংসা নিয়ন্ত্ৰণ কৰাত যথেষ্ট পৰিমাণে সক্ষম হৈছে ।

উল্লেখ্য যে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ অমিত শ্বাহে শনিবাৰে এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে । হিংসাপীড়িত ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অধ্যক্ষতাত বৈঠকখনৰ আহ্বান কৰা হৈছিল । বৈঠকত উপস্থিত থকাসকলৰ ভিতৰত অন্যতম আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু চিপিআই(এম)ৰ সাংসদ জন ব্ৰিটাছ ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰিদিনীয়া আৰু ইজিপ্তলৈ প্ৰথম দুদিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত সোমবাৰে পুৱতিনিশা দিল্লীত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীক পালম বিমানবন্দৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখী আৰু হংসৰাজ হংস আৰু গৌতম গম্ভীৰকে ধৰি দলৰ বিভিন্ন সাংসদে আদৰণি জনায় । ইফালে দেওবাৰে দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত তেওঁৰ প্ৰথম ইজিপ্ত ভ্ৰমণৰ আভাস শ্বেয়াৰ কৰে ।

ভিডিঅ'টোত আফ্ৰিকান দেশখনত তেওঁৰ আগমন, ইজিপ্তৰ প্ৰধানমন্ত্ৰী মুস্তাফা মডবোলি, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিৰ সৈতে তেওঁৰ সাক্ষাৎ আৰু প্ৰবাসী ভাৰতীয় সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰা দেখা গৈছে । টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এটা বাৰ্তা দি টেগ কৰিছে । তাত কোৱা হৈছে, "মোৰ ইজিপ্ত ভ্ৰমণ এক ঐতিহাসিক ভ্ৰমণ আছিল । ই ভাৰত-ইজিপ্ত সম্পৰ্কত নতুন শক্তি যোগ দিব আৰু আমাৰ দেশকেইখনৰ জনসাধাৰণক লাভান্বিত কৰিব ।"

"মই ৰাষ্ট্ৰপতি এল-চিচি, চৰকাৰ আৰু ইজিপ্তৰ জনসাধাৰণক তেওঁলোকৰ মৰমৰ বাবে ধন্যবাদ জনাইছোঁ ।" মোদীয়ে লগতে কয় । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ২১-২৪ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ২৪-২৫ জুনলৈ ইজিপ্ত ভ্ৰমণত আছিল ।

লগতে পঢ়ক :Manipur violence : মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে সামাজিক সংগঠন-ধৰ্মীয় নেতাৰ ওচৰলৈ যাব মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details