নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ :ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে পালন কৰে ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । মঙলবাৰে আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ, ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ উপস্থিত থাকে ।
মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ - মানৱ অধিকাৰ সুৰক্ষা আইন
১৯৯৩ চনৰ ১২ অক্টোবৰৰ দিনটোতে স্থাপন হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ । আয়োগৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ ।
ভাৰতৰ মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ
পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে আয়োগৰ প্ৰশংসা কৰি কৈছিল যে মানৱ অধিকাৰ আৰু মৰ্যাদা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC) দেশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি, মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সুৰক্ষাৰ বাবে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে মানৱ অধিকাৰ সুৰক্ষা আইন ১৯৯৩-ৰ অধীনত আয়োগ স্থাপন কৰা হৈছিল ।
লগতে পঢ়ক :Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...