নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে উপস্থিত হ’ব উত্তৰ প্ৰদেশৰ বাৰাণসীত ৷ প্ৰায় 339 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কাশী বিশ্বনাথ ধাম মুকলি (PM Modi at Kashi Vishwanath Corridor) কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীক এই কাৰ্যত সংগ প্ৰদান কৰিব 12 খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷
প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত মুঠ ২৩ টা ভৱন উদ্বোধন কৰা হ'ব ৷ ইয়াৰ দ্বাৰা কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰা তীৰ্থযাত্ৰীসকলে বিভিন্ন সুবিধা লাভ কৰিব ৷ যাৰ ভিতৰত আছে যাত্ৰী সুবিধা কেন্দ্ৰ, পৰ্যটন সুবিধা কেন্দ্ৰ, বৈদিক কেন্দ্ৰ, ভোগশালা, সংগ্ৰহালয়, দৰ্শন গেলেৰী আদিৰ লগতে অন্যান্য সা-সুবিধা ৷
"আজিৰ দিনটো বাৰাণসীবাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে ৷ কাশীত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে মুকলি কৰা হ’ব এই প্ৰকল্পটো ৷ যিয়ে কাশীৰ সৌষ্ঠৱ পূৰ্বৰ তুলনাত অধিক বৃদ্ধি কৰিব ৷ মই আপোনালোক সকলোকে এই ঐতিহাসিক কাৰ্যৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো" বুলি প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে আহ্বান জনায় ৷
"কাশী বিশ্বনাথ মন্দিৰক দেশ আৰু বিশ্বৰ বাবে এক নতুন 'ধাম' হিচাপে উপস্থাপন কৰা হ'ব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াক উদ্বোধন কৰিব, যাৰ দৃষ্টিভংগী আৰু নিৰ্দেশনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ এই 'ধামে' বাৰাণসীক বিশ্বত এক নতুন পৰিচয় প্ৰদান কৰিব", বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উদ্বোধনৰ প্ৰস্তুতি পৰ্যালোচনা কৰি এনেদৰে কয় ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে 2019 চনৰ 8 মাৰ্চত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰকল্পটোত অত্যাধুনিক সকলো প্ৰকাৰৰ সুবিধা যেনে, ৰেম্প, এস্কেলেটৰ আদি সংযোগ কৰা হৈছে ৷ যাতে, শাৰিৰীকভাৱে অক্ষম লোকসকলেও অনায়াসে এই তীৰ্থ ভ্ৰমণ কৰিব পাৰে ৷