অসম

assam

ETV Bharat / bharat

ডুবাইত প্ৰধানমন্ত্ৰী মোদী; জলবায়ু সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত কৰিব অংশগ্ৰহণ - World Climate Action Summit of the COP28

৩০ নৱেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন (ইউএনএফচি)ৰ অংশীদাৰৰ সন্মিলনৰ (চিঅ'পি) ২৮ সংখ্যক বৈঠক । বিশ্ব জলবায়ু কাৰ্য সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰিব । ভাৰতীয় প্ৰবাসীৰ উষ্ম আদৰণি মোদীক ।

PM Modi arrives in UAE
জলবায়ু সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত কৰিব অংশগ্ৰহণ

By ANI

Published : Dec 1, 2023, 7:07 AM IST

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ :আজি ডুবাইত অনুষ্ঠিত হ'ব চিঅ'পি ২৮ৰ বিশ্ব জলবায়ু কাৰ্য সন্মিলন । তাৰ পূৰ্বে বৃহস্পতিবাৰে নিশাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডুবাইত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদী ডুবাইত উপস্থিত হোৱাৰ লগে লগে তেওঁ উষ্ম আদৰণি জনোৱা হয় । প্ৰবাসী ভাৰতীয়সকলে তেওঁৰ বাবে 'চাৰে জাহান চে আচ্ছা' গোৱাৰ লগতে 'ভাৰত মাতা কী জয়' আৰু 'বন্দে মাতৰম'ৰ শ্ল'গানেৰে তেওঁক আদৰণি জনায় ।

ডুবাইত উপস্থিত হোৱাৰ পাচতে প্ৰধানমন্ত্ৰী মোদীয়ে Xৰ এটা পোষ্টত জলবায়ু সম্পৰ্কীয় সন্মিলন সম্পৰ্কে লিখি কৈছে যে তেওঁ পৃথিৱীক এক উন্নত গ্ৰহ গঢ়ি তোলাৰ লক্ষ্যৰে সন্মিলনৰ কাৰ্যক্ৰমৰ বাবে অপেক্ষা কৰি আছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰৱ ৰাষ্ট্ৰত অনুষ্ঠিত বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰিব আৰু তিনিটা উচ্চ পৰ্যায়ৰ পাৰ্শ্বীয় অনুষ্ঠানতো তেওঁ উপস্থিত থাকিব । তাৰ ভিতৰত দুটা ভাৰতে সহ-আয়োজন কৰিব । তদুপৰি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰই Xত এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰিছে ।

তেওঁ কৈছে যে বিশ্ব জলবায়ু কাৰ্য সন্মিলন হৈছে চিঅ'পি২৮ৰ উচ্চ পৰ্যায়ৰ খণ্ড । এই উচ্চ পৰ্যায়ৰ জলবায়ু সম্পৰ্কীয় অনুষ্ঠানটো পুৱাৰ পৰাই আৰম্ভ হ'ব । মুখপাত্ৰৰ মতে প্ৰধানমন্ত্ৰীৰ এই ক্ষেত্ৰত ব্যক্তিগত আগ্ৰহো আছে । তেওঁ লগতে কয় যে এই সন্মিলনত কেইবাখনো দ্বিপাক্ষিক বৈঠকো হ'ব ।

ডুবাইত চিঅ'পি২৮ জলবায়ু আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এক বিবৃতিত কয় যে জি-২০ নতুন দিল্লী নেতাৰ ঘোষণাপত্ৰত জলবায়ু পদক্ষেপ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ অন্তৰ্ভুক্ত আছে । ইফালে ইউএইৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ডুবাই ভ্ৰমণ কৰিছে । প্ৰধানমন্ত্ৰীৰ মতে, জলবায়ুৰ বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ থকা ইউএইৰ সভাপতিত্বৰ অধীনত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো অনুষ্ঠিত হোৱা দেখি তেওঁ আনন্দিত ।

জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন (ইউএনএফচি)ৰ অংশীদাৰৰ সন্মিলনৰ (চিঅ'পি) ২৮ সংখ্যক বৈঠক এই বছৰৰ ৩০ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ ইউএইৰ ডুবাইত অনুষ্ঠিত হৈছে । সন্মিলনখনত প্ৰায় ২০০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত থাকিব ।

লগতে পঢ়ক :দুবাই বিশ্ব জলবায়ু কাৰ্য সন্মিলন; উদ্বোধনী অধিবেশনত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details