নিউজ ডেস্ক, ৯ এপ্ৰিল :দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কৰ্ণাটকৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত উপস্থিত হয় (PM Modi at Bandipur Tiger Reserve in Karnataka) । তাত তেওঁ সংৰক্ষণ প্ৰচেষ্টাত জড়িত আগশাৰীৰ ক্ষেত্ৰ কৰ্মচাৰী আৰু আত্মসহায়ক গোটসমূহৰ সৈতে বাৰ্তালাপ কৰিব । তাৰ পিচত তেওঁ মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ (Mudumalai Tiger Reserve) থেপ্পাকাডু হস্তী শিবিৰো (Theppakadu Elephant camp) পৰিদৰ্শন কৰি হস্তী শিবিৰৰ মাউত আৰু হস্তী তদাৰকসকলৰ সৈতে বাৰ্তালাপ কৰিব ।
আনহাতে, তেওঁ শেহতীয়াকৈ সমাপ্ত হোৱা ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়ন অনুশীলনৰ পঞ্চম চক্ৰত সৰ্বাধিক নম্বৰ লাভ কৰা বাঘ সংৰক্ষণৰ ক্ষেত্ৰ পৰিচালকসকলৰ সৈতেও বাৰ্তালাপ কৰিব । প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, প্ৰধানমন্ত্ৰী মোডীয়ে তাত ইণ্টাৰনেশ্যনেচ বিগ কেটছ এলায়েন্স (International Big Cats Alliance, IBCA) মুকলি কৰিব (Modi launch International Big Cats Alliance) । উল্লেখযোগ্য যে ২০১৯ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোডীয়ে এছিয়াত চোৰাং চিকাৰৰ চাহিদা বিলুপ্ত কৰিবলৈ আৰু অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায় (illegal wildlife trade in Asia) দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিবলৈ বিশ্ব নেতাসকলৰ মিত্ৰজোঁটৰ আহ্বান জনাইছিল ।