অসম

assam

ETV Bharat / bharat

ক'ভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ - কভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ক'ভিড কালত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে ৪,০০০ টকাকৈ (PM Modi announces Rs 4,000 per month) প্ৰদান কৰাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ৰ ৷ যোৱা 11 মাৰ্চ, 2020 ৰ পৰা 28 ফেব্ৰুৱাৰী, 2022 লৈ ক 'ভিড-19 মহামাৰীত যিসকল শিশুয়ে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তেওঁলোকক সাহাৰ্য বিতৰণ কৰা হ'ব ৷

pm-modi-announces-rs-4000-per-month-for-children-orphaned-during-covid-pandemic
ক'ভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

By

Published : May 30, 2022, 1:19 PM IST

Updated : May 30, 2022, 2:03 PM IST

নেশ্যনেল ডেস্ক, 30 মে':ক'ভিড কালত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে ৪,০০০ টকাকৈ (PM Modi announces Rs 4,000 per month) প্ৰদান কৰাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ৰ ৷ ক'ভিড মহামাৰীৰ পিতৃ-মাতৃ হেৰুওৱা শিশুসকলৰ সুবিধাৰ্থে পি এম কেয়াৰছ ফৰ চিল্ড্ৰেন আঁচনিৰ (PM CARES for Children Scheme) অধীনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

সোমবাৰে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পি এম কেয়াৰছ ফ’ৰ চিল্ড্ৰেন আঁচনিৰ লাভালাভৰ ওপৰত আলোকপাত কৰা এক কাৰ্যসূচীত ভাষণ দি থকাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ এই আঁচনিৰ অধীনত বিদ্যালয়লৈ যোৱা শিশুসকলক বৃত্তি প্ৰদান কৰিব বুলি আশ্বাস দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে উচ্চ শিক্ষা আৰু পেছাদাৰী পাঠ্যক্ৰমৰ বাবে ঋণৰ প্ৰয়োজন হোৱা শিক্ষাৰ্থীসকলক সহায় কৰিব।

ক'ভিড-১৯ মহামাৰীৰ সময়ত পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ বাবে এই কাৰ্যসূচী বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় "ক'ভিড-১৯ মহামাৰীৰ সময়ত পৰিয়ালৰ সদস্যসকলক হেৰুওৱা লোকসকলৰ বাবে পৰিস্থিতি কিমান কঠিন মই বুজি পাওঁ । মই শিশুসকলৰ সৈতে প্ৰধানমন্ত্ৰী হিচাপে নহয়, আপোনাৰ পৰিয়ালৰ সদস্য হিচাপে কথা পাতিছো ৷ শিশুসকলৰ মাজত থাকি মই যথেষ্ট শান্তি পাইছো।"

বিগত 2021 বৰ্ষৰ 29 মে' ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাথ শিশুসকলক সহায় কৰিবলৈ পি এম কেয়াৰ্ছ আঁচনিৰ আৰম্ভ কৰিছিল ৷ যোৱা 11 মাৰ্চ, 2020 ৰ পৰা 28 ফেব্ৰুৱাৰী, 2022 লৈ ক 'ভিড-19 মহামাৰীত যিসকল শিশুয়ে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তেওঁলোকক সাহাৰ্য বিতৰণ কৰা হ'ব ৷

আঁচনিখনৰ উদ্দেশ্য হৈছে শিশুসকলক থকা খোৱা প্ৰদানৰ লগতে, শিক্ষা আৰু বৃত্তিৰ ব্যৱস্থা প্ৰদান কৰা হ'ব ৷ ইয়াৰ উপৰিও এই শিশুসকলে 23 বছৰ বয়স প্ৰাপ্ত কৰাৰ পিছত তেওঁলোকক স্বাৱলম্বী হ'বলৈ আৰু স্বাস্থ্য বীমাৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ 10 লাখ টকাৰ বিত্তীয় সাহাৰ্য বিতৰণ কৰা হ'ব ৷ পূৰ্বতে শিশুসকলৰ নাম পঞ্জীয়ন কৰিবলৈ চৰকাৰৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছিল ৷

লগতে পঢ়ক :পঞ্জাৱত দিন দুপৰতে গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

Last Updated : May 30, 2022, 2:03 PM IST

ABOUT THE AUTHOR

...view details