নিউজ ডেস্ক, 7 জুন : কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ মাজত ক’ভিড পৰিস্থিতি সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে এক কেন্দ্ৰীভূত প্ৰতিষেধক অভিযানৰ ঘোষণা কৰে ৷ য'ত ভাৰত চৰকাৰে সকলো প্ৰতিষেধক ক্ৰয় কৰিব আৰু ৰাজ্যসমূহক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ৷ তদুপৰি ২১ জুনৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ লোকক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।
প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে, ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰতিষেধকৰ ওপৰত সেৱা মাচুল হিচাপে কেৱল ১৫০ টকাহে ল'ব পাৰিব । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ৰাজ্যসমূহৰ সৈতে ২৫ শতাংশ টিকাকৰণৰ কাম এতিয়া কেন্দ্ৰই পৰিচালনা কৰিব আৰু অহা দুসপ্তাহত ইয়াক কাৰ্যকৰী কৰা হ'ব । ৰাজ্য আৰু কেন্দ্ৰ দুয়োটাই অহা দুসপ্তাহত নতুন নিৰ্দেশনা অনুসৰি কাম কৰিব বুলিও জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
লগতে পঢ়ক: ক’ভিড-19: ভাৰতত বিগত 24 ঘণ্টাত মৃত্যু 2,427 গৰাকীৰ
ভাৰত চৰকাৰে প্ৰতিষেধক নিৰ্মাতা সকলে প্ৰস্তুত কৰা মুঠ প্ৰতিষেধকৰ ৭৫ শতাংশ ক্ৰয় কৰিব আৰু ইয়াক ৰাজ্য চৰকাৰসমূহক বিনামূলীয়াকৈ প্ৰদান কৰিব । ৰাজ্যসমূহে প্ৰতিষেধকৰ বাবে একো খৰচ কৰিব নালাগিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভাৰ্চুৱেল ভাষণৰ সময়ত মোডীয়ে কয় যে, ক’ভিড হৈছে বিগত ১০০ বছৰৰ ভিতৰত আটাইতকৈ মাৰাত্মক মহামাৰী আৰু আধুনিক বিশ্বই এনে মহামাৰী দেখা নাই ৷ কিন্তু ভাৰতে বিভিন্ন স্তৰত ইয়াৰ বিৰুদ্ধে যুঁজ দিছে । দেশৰ স্বাস্থ্য আন্তঃগাঁথনি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে, বিগত ডেৰ বছৰত ক’ভিড চিকিৎসালয়, ভেণ্টিলেটৰ বিচনা আৰু পৰীক্ষাগাৰৰ এক বৃহৎ নেটৱৰ্কৰ সৈতে নতুন স্বাস্থ্য আন্তঃগাঁথনি বিকশিত কৰা হৈছে ৷ এপ্ৰিল-মে'ত কৰ’ণাৰ দ্বিতীয় ঢৌৰ সময়ত চিকিৎসা-অক্সিজেনৰ চাহিদাও অভূতপূৰ্ব হাৰত বৃদ্ধি পাইছে ।
অতীতত প্ৰতিষেধকৰ বিপৰীত সমানুপাতিক চাহিদা আৰু যোগানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ইয়াৰ চাহিদাৰ তুলনাত বিশ্বত প্ৰতিষেধক নিৰ্মাতাৰ সংখ্যা যথেষ্ট কম । তেওঁ কয় যে, "কল্পনা কৰক যদি আমাৰ ওচৰত প্ৰতিষেধক নাথাকিলহেঁতেন তেন্তে ভাৰতত কি হ'লহেতেন । যদি আপুনি যোৱা 50-60 বছৰৰ ইতিহাস লক্ষ্য কৰে, আপুনি জানিব যে ভাৰতৰ বিদেশৰ পৰা প্ৰতিষেধক লাভ কৰিবলৈ কেইবা দশক লাগিছিল । প্ৰতিষেধকৰ কাম বিদেশত সম্পূৰ্ণ কৰা হৈছিল, যদিও তেতিয়াও আমাৰ দেশত টিকাকৰণৰ কাম আৰম্ভ কৰিব পৰা হোৱা নাই ।"